ডিজিটেল এৰেষ্টৰ নামত চলা প্ৰৱঞ্চনাক লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বেগ প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল এৰেষ্টৰ নামত চলা প্ৰৱঞ্চনাক লৈ উদ্বেগ প্রকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ১১৫ সংখ্যক খণ্ডৰ যোগেদি ৰাষ্ট্ৰক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ডিজিটেল এৰেষ্টৰ নামত চলা এনে ধৰণৰ প্ৰৱঞ্চনা ৰোধ কৰাৰ বাবে সকলো তদন্তকাৰী সংস্থাই একেলগে কাম কৰি আছে। আইনৰ অধীনত কোনো লোকক ডিজিটেল এৰেষ্ট কৰাৰ কোনো ব্যৱস্থা নাই বুলি তেওঁ প্ৰকাশ কৰে। প্ৰধানমন্ত্রীয়ে কয় যে, সকলো শ্ৰেণী আৰু বয়সৰ লোক ডিজিটেল এৰেষ্টৰ বলি হৈছে আৰু ভয়ৰ বাবেই তেওঁলোকে লাখ লাখ টকাৰ লোকচান ভৰিবলগীয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে এনেধৰণৰ প্ৰৱঞ্চনামূলক ফোন লাভ কৰিলে ভীতিগ্ৰস্ত নহ’বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। তেওঁ লগতে এনে ঘটনা সংঘটিত হ’লে ভুক্তভোগীক পৰামৰ্শৰ বাবে ৰাষ্ট্ৰীয় চাইবাৰ হেল্পলাইন নম্বৰ ১৯৩০ ফোন কৰিবলৈ আৰু cybercrime.gov.inত ঘটনাৰ সবিশেষ জনাবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে, চৰকাৰী সংস্থাসমূহৰ মাজত সমন্বয়ৰ বাবে ৰাষ্ট্ৰীয় চাইবাৰ সমন্বয় কেন্দ্ৰ স্থাপন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক