ডাউনলোড
মোবাইল এপ

android apple
signal

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান তুংগত, গুজৰাটত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী প্ৰচাৰ

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান সামৰণি পৰিবলৈ মাথোঁ তিনিটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ জুনাগড়ত এখন নির্বাচনী সভাত ভাগ লয় কয় যে বিজেপি চৰকাৰে সন্ত্ৰাসবাদক যোগ্য প্ৰত্যুত্তৰ প্ৰদানেৰে সমগ্ৰ দেশত শান্তি সুনিশ্চিত কৰিছে। কংগ্ৰেছ বিভাজনৰ ৰাজনীতিত লিপ্ত হোৱা বুলি অভিযোগ তুলি শ্রী মোদীয়ে স্বাধীনতাৰ কেইবাদশক পাছত তামিলনাডুৰ সমীপৰ এটা দ্বীপ চুবুৰীয়া ৰাষ্ট্ৰ এখনক অৰ্পণ কৰাৰ বাবে দলটোৰ সিদ্ধান্তক তীব্র সমালোচনা কৰে। তেওঁ কয় যে, বিজেপি চৰকাৰ সৰু সৰু দ্বীপপুঞ্জক ৰক্ষা কৰিবলৈ আৰু পৰ্যটনৰ প্ৰসাৰৰ বাবে বদ্ধপৰিকৰ। ইয়াৰ পূৰ্বে শ্রীমোডীয়ে আজি গুজৰাটৰ আনন্দ আৰু সুৰেন্দ্ৰনগৰত দুটা ৰেলীত অংশ লয়। প্রধানমন্ত্রী শ্রী মোদীয়ে দেশবাসীক আশ্বাস দিয়ে যে ভাৰতে স্বাধীনতাৰ শতবার্ষিকী উদযাপন কৰাৰ সময়লৈ উন্নত জাতিৰ মৰ্যাদা লাভ কৰিব। আনন্দত এখন সভাত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে, এন ডি এ শাসনৰ অধীনত যোৱা দহ বছৰত দেশত ব্যাপক পৰিৱৰ্তন দেখা গৈছে। সুৰেন্দ্ৰনগৰত অনুষ্ঠিত সভাত জনসাধাৰণক ভোটদান কৰিবলৈ আহ্বান জনোৱাৰ লগতে ভোটদানৰ পূৰ্বৰ সকলো অভিযোগ ভংগ কৰিবলৈ শ্ৰী মোদীয়ে আহ্বান জনায়। ভাষণ প্ৰসংগত বিৰোধী কংগ্ৰেছৰ কেলেংকাৰী আৰু দুৰ্নীতিৰ সমালোচনা কৰি শ্ৰী মোদীয়ে কয় যে, যোৱা দহ বছৰত দেশত এটাও কেলেংকাৰী হোৱা নাই।

ইপিনে কংগ্ৰেছ নেতা তথা ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে আজি আহমেদাবাদত এখন সংবাদ মেল সম্বোধন কৰি দলৰ নিৰ্বাচনী ইস্তাহাৰত সমাজৰ সকলো শ্ৰেণীৰ প্ৰতি ন্যায়ৰ নিশ্চয়তা প্ৰদান কৰা হৈছে বুলি আশ্বাস দিয়ে। দেশত গণতন্ত্ৰৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰি শ্ৰী গেহলটে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ লগতে মুদ্রাস্ফীতি আৰু নিবনুৱা সমস্যাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ অৱহেলা কৰাৰ বাবে বিজেপিক তীব্র সমালোচনা কৰে।

আম আদমী পাৰ্টীৰ নেত্ৰী সুনীতা কেজৰিৱালেও আজি ৰাজ্যখনত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলায়। নেত্ৰীগৰাকীয়ে ভাৱনগৰ আৰু ভাৰুচৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বোটাদ আৰু বেদীয়াপাড়াত ৰোড শ্ব’ত অংশ লয়। ইফালে কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধী ভাদ্রাই কৈছে যে, ভোটদানৰ দায়িত্ব সীমান্তৰ সুৰক্ষাৰ সমানে গুৰুত্বপূৰ্ণ। মধ্যপ্ৰদেশৰ মোৰেনাত আজি এটা সমাৱেশক সম্বোধন কৰি তেওঁ এইদৰে প্ৰকাশ কৰে। বিজেপি চৰকাৰক জনসাধাৰণবিৰোধী বুলি উল্লেখ কৰি শ্ৰীমতী গান্ধীয়ে কয় যে, দেশত কর্মসংস্থাপনহীনতাৰ হাৰ যোৱা ৪৫ বছৰৰ ভিতৰত সৰ্বাধিক হৈছে। মোদী চৰকাৰে কৰ্মসংস্থাপনৰ সকলো উপায় বন্ধ কৰিছে বুলি তেওঁ অভিযোগ তোলে।

অধিক পঢ়ক

সকলো চাওক