প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবাদ মাধ্যম পি টি আইক দিয়া এটা সাক্ষাৎকাৰত কৈছে যে, বিজেপিৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন হ’লে দেশত উমৈহতীয়া দেৱানী বিধি প্রযোজ্য কৰা হ’ব। প্ৰধানমন্ত্রীয়ে লগতে কয় যে, দেশত এক দেশ, এক নির্বাচন নীতিও প্ৰৱৰ্তন কৰা হ’ব। নতুন চৰকাৰত যুৱ সমাজৰ আশা-আকাংক্ষাক গুৰুত্ব দিয়া হ’ব বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে, দেশৰ পৰা যুৱ সমাজে কি আশা কৰে সেই বিষয়ত জানিবৰ বাবে চৰকাৰৰ প্রথম ১০০ দিনৰ কৰ্ম আঁচনিত অতিৰিক্ত ২৫ দিন যোগ দিয়া হ’ব। যুৱ সমাজে ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত কেনে ধৰণৰ পৰামৰ্শ দিয়ে সেই বিষয়ে তেওঁ জানিব খোজে বুলিও প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰী মোদীয়ে প্ৰকাশ কৰে যে, বিজেপিয়ে সদায় নির্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি আহিছে। শেহতীয়াকৈ ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়া সন্দৰ্ভত পাকিস্তানে দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, পাকিস্তানী নেতাসকলে কংগ্রেছক সমর্থন তথা প্ৰশংসা কৰি ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াত হস্তক্ষেপ কৰাৰ চেষ্টা কৰিছে।
Site Admin | May 21, 2024 11:42 AM | PM Modi
বিজেপিৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন হ’লে দেশত উমৈহতীয়া দেৱানী বিধি প্রযোজ্য কৰা হ’বঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
