প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ দ্বাৰভাংগাত ১২ হাজাৰ কোটিৰো অধিক টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ৰাজ্যখনৰ স্বাস্থ্য আন্তঃগাঁথনি খণ্ডক বিশেষ মাত্ৰা প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে আজি দ্বাৰভাংগাত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান- এইমছৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে এহেজাৰ ২৬০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া এই এইমছৰ প্ৰতিষ্ঠানৰ চৌহদটো অত্যাধুনিক ছুপাৰ স্পেছিয়েলিটি হাস্পতাল আৰু আয়ুষ মণ্ডল, চিকিৎসা মহাবিদ্যালয়, নাৰ্ছিং মহাবিদ্যালয়, নৈশ আশ্রয় গৃহ আৰু অন্য আবাসীক সুবিধাৰে সমৃদ্ধ হ‘ব। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে দ্বাৰভাংগাত এইমছৰ নিৰ্মাণ কাৰ্য তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ হ‘ব। ইয়াৰ পৰা মিথিলাঞ্চলৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ হ‘ব। শ্ৰী মোদীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ ৰে‘ল ষ্টেচনত স্থাপন কৰা ১৮টা প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰ মুকলি কৰে। ভিডিঅ‘ কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে দ্বাৰভাংগাৰ পৰাই জনঔষধি কেন্দ্ৰসমূহৰ লগতে তেওঁ প্ৰায় ১২ হাজাৰ কোটি টকাৰ আন ভালেমান উন্নয়নমূলক প্রকল্পও উদ্বোধন কৰে। উল্লেখযোগ্য যে ৰে’ল ষ্টেচনসমূহত স্থাপন কৰা এই কেন্দ্ৰসমূহে ৰে’লযাত্ৰীসকলৰ বাবে বহনসাধ্য ঔষধ সহজলভ্য হৈ উঠাটো সুনিশ্চিত কৰাৰ লগতে ইয়াৰ ফলত জেনেৰিক ঔষধৰ বিষয়ে সজাগতাও বৃদ্ধি পাব। প্রধানমন্ত্ৰীয়ে পেট্ৰ‘লিয়াম আৰু প্ৰাকৃতিক গেছ খণ্ডৰ আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তদুপৰি তেওঁ ছহেজাৰ ৮০০ কোটি টকাৰো অধিক পৰিমাণৰ পুঁজি ব্যয়সাপেক্ষ কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে‘ল প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।
Site Admin | November 13, 2024 6:05 PM | PM Modi