প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লী বিধানসভা নির্বাচনত বিজেপিয়ে লাভ কৰা জনাদেশৰ বাবে দিল্লীৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে সামাজিক মাধ্যমযোগে কয়, যে দলটোৱে দিল্লীৰ বিকাশ, জনসাধাৰণৰ জীৱনৰ সামগ্রিক মানৰ উন্নয়ন আৰু উন্নত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত দিল্লীৰ মুখ্য ভূমিকা সুনিশ্চিত কৰাত চেষ্টাৰ অকনো ত্রুটি নকৰে। দিল্লী বিধানসভা নিৰ্বাচনত দলৰ জয় নিশ্চিত কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে দলীয় কর্মীসকলক ভূয়সী প্রশংসা কৰি শ্ৰী মোদীয়ে কয়, যে উৎকৃষ্ট ফলাফল লাভ কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰা প্ৰতিগৰাকী কৰ্মীক লৈ তেওঁ গৌৰৱান্বিত। বিজেপি অধিক দৃঢ়তাৰে কাম কৰিব আৰু দিল্লীৰ জনসাধাৰণৰ সেৱা কৰিব বুলি তেওঁ মন্তব্য কৰে।
ভুৱা প্ৰতিশ্ৰুতিৰে যে জনসাধাৰণক বিপথে পৰিচালিত কৰিব পৰা নাযায় দিল্লীবাসীয়ে সেয়া প্ৰতিপন্ন কৰিছে বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মন্তব্য কৰিছে। দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে জনসাধাৰণে আৱৰ্জনাময় যমুনা, অপৰিষ্কাৰ খোৱাপানী, ভগা বাট-পথ, অপৰিষ্কাৰ নলা আৰু প্ৰতিটো চুবুৰীত মদৰ দোকানৰ বিৰুদ্ধে জনাদেশ দিছে। তেওঁ লগতে দিল্লীত বিজেপিয়ে লাভ কৰা ব্যাপক জয়ৰ বাবে দলীয় কর্মীসকলক অভিনন্দন জনাইছে।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দিল্লী বিধানসভা নির্বাচনত বিজেপিৰ জয়ক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰতি জনাসাধাৰণৰ আস্থা বুলি অভিহিত কৰিছে। জনসাধাৰণে প্ৰধানমন্ত্ৰীৰ বিশ্বাসযোগ্যতা আৰু সুশাসনৰ ৰাজনীতিৰ প্রতি আস্থা প্ৰকাশ কৰা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে৷ একেদৰে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই এই ঐতিহাসিক জনাদেশক দিল্লীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে প্রধানমন্ত্ৰী মোদীৰ ভৱিষ্যদর্শী দৃষ্টিভংগীৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস আখ্যা দিছে।