ডাউনলোড
মোবাইল এপ

android apple
signal

ক্ষুদ্ৰ চহৰৰ উদ্যোগীসকলৰ সুবিধাৰ বাবে উপযোগী স্থান চিনাক্ত কৰিবলৈ ৰাজ্য চৰকাৰসমূহক প্রধানমন্ত্ৰীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষুদ্ৰ চহৰৰ উদ্যোগীসকলৰ সুবিধাৰ বাবে উপযোগী স্থান চিনাক্ত কৰিবলৈ ৰাজ্য চৰকাৰসমূহক আহ্বান জনাইছে। দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি শ্ৰীমোদীয়ে ৰাজ্যসমূহক সংশ্লিষ্ট ক্ষেত্ৰত থকা নীতিসমূহ সৰলীকৃত কৰিবলৈ আহ্বান জনায় কয়, যে সৰলীকৰণৰ অভাৱৰ ফলত প্রায় নাগৰিকসকল অসুবিধাৰ সন্মুখীন হয়। নাগৰিকসকলৰ অংশীদাৰিত্ৱক উৎসাহিত কৰিবলৈ তেওঁ অংশগ্ৰহণকাৰী ৰাজ্যসমূহক শাসন আৰ্হিৰ সংস্কাৰ সাধন কৰিবলৈ আহ্বান জনায়। প্রধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে সংস্কাৰ, পৰিৱেশন আৰু ৰূপান্তৰৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু লগতে চৰকাৰৰ বিভিন্ন পদক্ষেপৰ বিষয় জনসাধাৰণক অৱগত কৰোৱাটো গুৰুত্বপূৰ্ণ। চক্ৰিয় অৰ্থনীতিৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে গোৱৰ্ধন কাৰ্যসূচীৰ শলাগ লৈ কয়, যে এই কাৰ্যসূচী এতিয়া এটা বৃহৎ শক্তি সম্পদৰূপে পৰিগণিত হৈছে। এই কাৰ্যসূচীয়ে আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰিত কৰাৰ লগতে বৃদ্ধ পশুধনক দায়বদ্ধতকৈ সম্পত্তি হিচাপে গঢ়ি তুলিছে। তেওঁ ৰাজ্যসমূহক ই-আৱৰ্জনা পুনৰ ব্যৱহাৰৰ বাবে সম্ভৱপৰ অৰ্থৰ যোগানৰ ধাৰণাটো আৰু অধিক প্ৰসাৰিত কৰাৰ বাবে আহ্বান জনায়। উল্লেখযোগ্য যে, এই তিনিদিনীয়া সন্মিলনখনত যোৱা ১৩ৰ পৰা ১৬ ডিচেম্বৰলৈ দিল্লীত অনুষ্ঠিত হৈছিল। ভাৰতৰ সেৱাখণ্ডৰ সম্ভাৱনীয়তাক বিশেষকৈ সৰু চহৰসমূহত ব্যৱহাৰ কৰিবলৈ বহুমুখী পন্থাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সন্মিলনত আলোকপাত কৰা হয়।

অধিক পঢ়ক

সকলো চাওক