প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন সর্বাত্মক সমাজ গঢ়ি তোলাৰ বাবে গণতন্ত্ৰতকৈ ডাঙৰ কোনো আহিলা নাই বুলি প্ৰকাশ কৰিছে। গায়েনাৰ সংসদ নেচনেল এছেম্বলীৰ বিশেষ অধিৱেশনত ভাষণ দি শ্ৰীমোদীয়ে কালি এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে বিশ্ব আগবঢ়াই নিয়াৰ বাবে গণতন্ত্ৰ প্ৰথম, মানৱতা প্ৰথম সবাতোকৈ শক্তিশালী মন্ত্র। গণতন্ত্ৰ আমাৰ ডি এন এ, দৃষ্টিভংগী আৰু আচৰণত আছে বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। বিশ্বজোৰা সংকটৰ সময়ত প্রথমে সঁহাৰি জনোৱা দেশ হিচাপে ভাৰতৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে কেতিয়াও সম্প্ৰসাৰণবাদী মনোভাৱেৰে কাম কৰা নাই। ভাৰতে সৰ্বতোপ্ৰকাৰে গোলকীয় উন্নয়ন আৰু শান্তিৰ সপক্ষে থিয় দি আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ কয়, যে এই ভাৱনাৰে ভাৰত সম্প্ৰতি গ্ল’বেল ছাউথ হিচাপে পৰিচিত আৰ্থিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে কম উন্নত ৰাষ্ট্ৰসমূহৰ কণ্ঠ হৈ উঠিছে। তেওঁ লগতে গোলকীয় প্ৰেক্ষাপটৰ উদ্ধৃতিৰে বৰ্তমানৰ সময় সংঘৰ্ষৰ নহয়, বৰং এনে সংঘৰ্ষৰ বাবে দায়ী পৰিস্থিতিসমূহ চিনাক্ত কৰি সেইসমূহ দূৰ কৰাৰহে সময় বুলি মন্তব্য কৰে। প্ৰধানমন্ত্রীয়ে সন্ত্রাসবাদ, নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু চাইবাৰ অপৰাধকে ধৰি বৰ্তমান বিশ্ব সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ কথা স্বীকাৰ কৰে। ভৱিষ্যত প্ৰজন্মৰ বাবে উন্নত ভৱিষ্যত গঢ় দিবলৈ আমি সকলো একেলগে এই সমস্যাসমূহৰ বিৰুদ্ধে যুঁজ দিব লাগিব বুলি শ্রীমোদীয়ে মন্তব্য কৰে। তেওঁ কয়, যে ভাৰতৰ মানৱতা প্ৰথম মন্ত্রই ব্রাজিলত আয়োজিত জি-২০ শীর্ষ সন্মিলনকে ধৰি বিভিন্ন মঞ্চত গ্ল’বেল ছাউথ দেশসমূহৰ কণ্ঠ তুলি ধৰিবলৈ অনুপ্ৰেৰণা যোগায়।
ভাৰত আৰু গায়েনাৰ মাজৰ বিশেষ সম্পৰ্কৰ কথা উল্লেখ কৰি শ্রীমোদীয়ে কয়, যে প্ৰায় ১৮০ বছৰ পূৰ্বে প্ৰথমগৰাকী ভাৰতীয় দেশখনত উপস্থিত হৈছিল। তেতিয়াৰে পৰা দেশ দুখনৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে আৰু গায়েনাত থকা ভাৰতীয় আগমণ স্মাৰক এই সম্পৰ্কৰ প্রতীক। শ্রীমোদীয়ে লগতে তেওঁক গায়েনাৰ সৰ্বোচ্চ সন্মান প্ৰদান কৰাৰ বাবে দেশখনৰ জনসাধাৰণৰ শলাগ লয়। প্রধানমন্ত্রীয়ে গোলকীয় প্ৰগতি আৰু সমৃদ্ধিৰ বাবে মহিলাৰ নেতৃত্বত হোৱা বিকাশত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, যে একবিংশ শতিকাত গোলকীয় সমৃদ্ধি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ লগতে শিক্ষা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত দুয়ো দেশৰ মাজত অধিক বিনিময়ৰ বাবে আহ্বান জনায় যাতে যুৱ প্ৰজন্মৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰ কৰিব পৰা যায়।
গায়েনা ভাৰত আৰু লেটিন আমেৰিকাৰ মাজত সুযোগৰ সেতু হ’ব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্রীমোদীয়ে দেশখনৰ সাংসদসকলক ভাৰতলৈ আহিবলৈ আমন্ত্রণ জনায়। প্রধানমন্ত্রী মোদী গায়েনাৰ সংসদৰ বিশেষ অধিৱেশনত ভাষণ দিয়া প্ৰথমগৰাকী প্ৰধানমন্ত্রী। অধ্যক্ষ মঞ্জুৰ নাদিৰে এই অধিৱেশনৰ আহ্বান জনায়। পাছত প্রধানমন্ত্ৰীয়ে জর্জটাউনৰ প্রোমেনেড গার্ডেনত থকা মহাত্মা গান্ধীৰ আবক্ষমূৰ্তিত পুষ্পমাল্য তৰ্পণ কৰে। মহাত্মা গান্ধীৰ ১০০ সংখ্যক জন্মবার্ষিকীৰ লগত সংগতি ৰাখি ১৯৬৯ চনত এই মূৰ্তিটো স্থাপন কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে লগতে আৰ্য সমাজ স্মাৰকতো পুষ্পাঞ্জলি তৰ্পণ কৰে। গায়েনাত আর্য সমাজ আন্দোলনৰ ১০০ বছৰৰ স্মৃতিত ২০১১ চনত এই স্মাৰকটো স্থাপন কৰা হৈছিল।