June 10, 2024 6:04 PM | PM Modi

printer

প্রধানমন্ত্ৰী হিচাপে শপতগ্রহণ লোৱা উপলক্ষে বিশ্বৰ নেতাসকলে জনোৱা শুভেচ্ছা বার্তাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ধন্যবাদ জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে শপতগ্রহণ লোৱা উপলক্ষে বিশ্বৰ নেতাসকলে তেওঁলৈ জনোৱা শুভেচ্ছা বার্তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কানাডাৰ প্ৰধানমন্ত্রী জাষ্টিন ট্রুডেয়েও কৈছে যে, দুয়োখন দেশৰ জনসাধাৰণৰ মাজত মানৱাধিকাৰ, বৈচিত্ৰতা আৰু আইনৰ শাসনৰ ওপৰত আধাৰিত সম্পৰ্ক আগুৱাই নিয়াৰ বাবে কাম কৰিবলৈ কানাডা সাজু। কানাডাৰ প্ৰধানমন্ত্ৰীক দিয়া এটা উত্তৰত প্ৰধানমন্ত্রী মোদীয়ে কয় যে, ভাৰত কানাডাৰ সৈতে পাৰস্পৰিক বুজাবুজি আৰু পৰস্পৰৰ চিন্তাধাৰাৰ প্ৰতি সন্মানৰ ভিত্তিত কাম কৰিবলৈ আগ্রহী। ফিনলেণ্ডৰ প্ৰধানমন্ত্রী পিট্টেৰি অৰ্পই তেওঁৰ শুভেচ্ছাবাণীত কয় যে, পাৰস্পৰিক সম্পৰ্কৰ বিস্তাৰ কৰিবলৈ তেওঁ আগ্ৰহী আৰু জনসাধাৰণৰ মংগলৰ বাবে একেলগে কাম কৰি যাবলৈ তেওঁ সাজু। প্রধানমন্ত্রী মোদীয়ে ইয়াৰ উত্তৰত কয় যে, ভাৰত-ফিনলেণ্ডৰ সম্পৰ্কত দুয়োখন দেশৰ অংশীদাৰিত্ব আৰু অধিক সুদৃঢ় কৰাৰ বাবে ফিনলেণ্ডৰ সৈতে কাম কৰিবলৈ আগ্রহী। শ’ভেনিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট গ’ল’বে তেওঁৰ শুভেচ্ছাবার্তাত কয় যে, দুয়োখন দেশ পৰস্পৰৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত সহযোগিতা আগবঢ়াবলৈ তৎপৰ। প্ৰধানমন্ত্ৰী মোদীয়ে শ্ল’ভেনিয়াৰ প্রধানমন্ত্ৰীগৰাকীৰ উষ্ম অভিবাদনৰ শলাগ লৈ কয় যে, তেওঁৰ তৃতীয়টো কাৰ্যকালত দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ অংশীদাৰিত্ব আৰু অধিক গভীৰ কৰাৰ হকে কাম কৰি যাব। উগাণ্ডাৰ ৰাষ্ট্ৰপতি ৱেৰী কে মুছেভেনিয়ে প্রধানমন্ত্রী মোদী আৰু বিজেপিক নিৰ্বাচনত জয়লাভ কৰাৰ বাবে অভিনন্দন জনাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত উগাণ্ডাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, আফ্ৰিকাৰ জনসাধাৰণৰ উমৈহতীয়া আকাংক্ষা আৰু লক্ষ্য ভাৰতীয় সকলৰ সৈতে একেই। তেওঁ কয় যে, দুয়োখন ৰাষ্ট্ৰই জনসাধাৰণৰ বিকাশ নিশ্চিত কৰিবলৈ একেলগে কাম কৰি যাব। ইয়াৰ উত্তৰ শ্ৰীমোদীয়ে কয় যে, আফ্রিকা সংঘ জি-২০ অধ্যক্ষতাৰ স্থায়ী সদস্য হৈ পৰিছে আৰু দুয়োখন দেশেই সকলো ক্ষেত্ৰতে নিজৰ ঐতিহাসিক সংযোগক আৰু অধিক উন্নত কৰিব। মাইক্ৰ’ছফ্‌টৰ প্ৰতিষ্ঠাপক বিল গেটছে প্রধানমন্ত্ৰী হিচাপে তৃতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱাৰ পৰিপ্ৰেক্ষিতত শ্রীমোদীক শুভেচ্ছা জনাই এটা বার্তাত কয় যে, প্রধানমন্ত্রী মোদীয়ে বিশ্বৰ উদ্ভাৱনৰ উৎস হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰিছে। তেওঁ স্বাস্থ্য, কৃষি, মহিলা নেতৃত্ব আৰু ডিজিটেল পৰিৱৰ্তনৰ নিচিনা বিষয়ত গোলকীয় প্ৰগতি অনাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিক শক্তিশালী কৰিছে।

অধিক পঢ়ক

সকলো চাওক