June 9, 2024 8:38 PM | PM Modi

printer

দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ এন ডি এৰ সংসদীয় দলৰ নেতা নৰেন্দ্ৰ মোদীৰ

এন ডি এৰ সংসদীয় দলৰ নেতা নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে। নতুন দিল্লীত থকা ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে তেওঁক শপত বাক্য পাঠ কৰোৱায়। নতুন কেন্দ্রীয় কেবিনেটৰ মন্ত্ৰীসকলেও কাৰ্য্যালয় আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিং, অমিত শ্বাহ, নীতিন গাডকাৰী, ডº এছ জয়শংকৰ, পীয়ুষ গোৱেল, ধর্মেন্দ্ৰ প্ৰধান, ৰাজ্যসভাৰ সাংসদ জে পি নাড্ডা আৰু নিৰ্মলা সীতাৰমণ, মধ্য প্ৰদেশৰ পূৰ্বৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, হাৰিয়াণাৰ পূৰ্বৰ মুখ্যমন্ত্রী মনোহৰলাল খট্টৰৰ লগতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জে ডি এছৰ সাংসদ এইচ ডি কুমাৰা স্বামী, কুমাৰাস্বামী, বিহাৰৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা এইচ এ এম দলৰ মুৰব্বী জিতেন ৰাম মাঝি, জে ডি ইউৰ সাংসদ ৰাজীৱ ৰঞ্জন সিং, প্ৰহ্লাদ যোশী, ৰামমোহন নাইডু, গীৰিৰাজ সিং, জুৱেল ওৰাং, গজেন্দ্ৰ সিং শেখাৱট, অন্নপূর্ণা দেৱী, কিৰেণ ৰিজিজু, অশ্বিনী , বৈষ্ণৱকে ধৰি নৱ-নির্বাচিত কেইবাগৰাকীও সাংসদে মন্ত্রী হিচাপে শপতগ্ৰহণ কৰে। সন্ধিয়া ৭ বাজি ১৫ মিনিটৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত কেইবাখনো দেশৰ ৰাষ্ট্ৰ প্ৰধান আজিৰ শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকে। শ্রীলংকাৰ ৰাষ্ট্ৰপতি ৰাণিল ৱিক্ৰেমেসিংঘে, মালদ্বীপৰ ৰাষ্ট্ৰপতি ডº মহম্মদ মুইজ্জু, চিচিলিৰ উপ-ৰাষ্ট্ৰপতি আহমেদ আফিফ, বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাচিনা, মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ কুমাৰ জুগনৌথ, নেপালৰ প্ৰধানমন্ত্রী পুষ্প কমল দাহাল প্রচণ্ড আৰু ভূটানৰ প্ৰধানমন্ত্ৰী চাৰিং টবগেই অনুষ্ঠানত উপস্থিত থাকে । তদুপৰি, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, কংগ্ৰেছৰ নেতা মল্লিকার্জুন খাৰ্গে, বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি ইউৰ সভাপতি নীতিশ কুমাৰ, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্রবাবু নাইডু, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, হাৰিয়াণাৰ মুখ্যমন্ত্ৰী নয়াব সিং চাইনী আৰু মহাৰাষ্ট্ৰৰ উপ- মুখ্যমন্ত্ৰী অজিত পাৱাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াৰ লগতে বিশিষ্ট অভিনেতা ৰজনীকান্ত, শ্বাহৰুখ খান, অক্ষয় কুমাৰ, ৱিক্ৰান্ত মেছি, কথাছবি নিৰ্মাতা ৰাজকুমাৰ হিৰাণী, বিখ্যাত ব্যৱসায়ী মুকেশ আম্বানী আৰু গৌতম আদানীকে ধৰি কেইবাগৰাকী গণ্য-মান্য লোক অনুষ্ঠানত উপস্থিত থাকে। উল্লেখযোগ্য যে, নৰেন্দ্ৰ মোদী হৈছে জৱাহৰলাল নেহৰুৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হোৱা প্ৰথমগৰাকী ব্যক্তি। ২০১৪ চনৰ পৰা তেওঁ একেৰাহে দেশৰ প্রধানমন্ত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। তদুপৰি, নৰেন্দ্ৰ মোদীয়ে ২০০১ চনৰ অক্টোবৰৰ পৰা ২০১৪ চনৰ মোলৈ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰে। তেওঁ হৈছে কোনো ৰাজ্যত আটাইতকৈ দীৰ্ঘ দিনৰ বাবে কাৰ্য্যনিৰ্বাহ কৰা মুখ্যমন্ত্ৰী। গুজৰাটৰ এখন সৰু চহৰত ১৯৫০ চনৰ ১৭ ছেপ্তেম্বৰত নৰেন্দ্ৰ মোদীৰ জন্ম হয়। প্ৰাৰম্ভিক সময়ছোৱাত তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱা সংঘৰ সৈতে কাম কৰিছিল। পৰৱৰ্তী পৰ্য্যায়ত শ্ৰীমোদীয়ে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত বিজেপিৰ সৈতে কাম কৰি ৰাজনীতিত নিজকে উৎসর্গিত কৰিছিল। তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। শ্ৰীমোদীয়ে সবকা সাথ-সবকা বিকাশ-সবকা বিশ্বাস আদৰ্শৰে অনুপ্ৰাণিত হৈ সৰ্বাত্মক, বিকাশমুখী আৰু দুৰ্নীতিমুক্ত প্ৰশাসনৰ হকে কাম কৰি আহিছে।

অধিক পঢ়ক

সকলো চাওক