ডাউনলোড
মোবাইল এপ

android apple
signal

March 6, 2025 6:47 PM | PM Modi

printer

উত্তৰাখণ্ডৰ শীতকালীন পৰ্যটনৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শীতকালত উত্তৰাখণ্ড ভ্ৰমণ কৰিবলৈ আহ্বান জনাই কয়, যে দেশৰ বাকী অংশসমূহ যেতিয়া কুঁৱলীয়ে আৱৰি থাকে, তেতিয়া সমগ্ৰ উত্তৰাখণ্ড ৰদৰ পোহৰত জলমলাই উঠে। উত্তৰকাশী জিলাৰ হাৰছিলত আজি এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ বাবে শীতকালীন পৰ্যটনৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয়, যে উত্তৰাখণ্ডক বছৰৰ প্ৰতিটো দিনেই পৰ্যটনৰ বাবে উপযোগীকৈ গঢ়ি তোলা হব। শ্ৰী মোদীয়ে কয়, যে এই দশকত উত্তৰাখণ্ডৰ উন্নয়নৰ বহু নতুন পদক্ষেপ গ্ৰহণ কৰা হব। শীতকালত হোটেল আৰু হোমষ্টে সমূহ প্ৰায় খালী হৈ থকাৰ বাবে ৰাজ্যখনৰ অৰ্থনীতিত প্ৰভাৱ পৰাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, যে এই সময়ছোৱাতে উত্তৰাখণ্ডৰ প্ৰকৃত সৌন্দর্য উপভোগ কৰিব পাৰি। তেওঁ ৰাজ্যখনৰ পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে বছৰৰ ৩৬৫ দিনেই পৰ্যটনৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ইপিনে, অর্থনৈতিক উন্নয়ন সন্দৰ্ভত প্রধানমন্ত্ৰীয়ে চাৰধাম পথ প্রকল্প, ৰেলপথৰ সম্প্ৰসাৰণ, বিমানেৰে সংযোগ আৰু ৰোপ ৱে প্ৰকল্পৰ কথা উল্লেখ কৰে। তেওঁ লগতে উত্তৰাখণ্ডত ডেষ্টিনেচন ৱেডিঙৰ প্ৰচাৰৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। ইয়াৰ পূৰ্বে শ্ৰী মোদীয়ে মুখ্ৰা গাঁৱত মা গংগাৰ শীতকালীন প্ৰৱাস দৰ্শন কৰি পূজা-অৰ্চনা আগবঢ়ায়। ইয়াৰ পাছত তেওঁ হাৰছিল ভিউ পইণ্টৰ পৰা হিমালয়ৰ নান্দনিক সৌন্দর্য উপভোগ কৰি ইয়াৰ প্ৰশংসা কৰে। শ্ৰীমোদীয়ে হাৰছিলত দুঃসাহসী মটৰ চাইকেল ৰেলী আৰু ট্রেকিঙৰো শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীৰ এই ভ্রমণ উত্তৰাখণ্ডৰ শীতকালীন পৰ্যটনৰ প্ৰসাৰৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে উত্তৰাখণ্ড চৰকাৰে শীতকালীন পৰ্যটনৰ জৰিয়তে ৰাজ্যখনৰ পৰ্যটনৰ ক্ষেত্ৰসমূহৰ প্ৰচাৰ তথা স্থানীয় অর্থনীতি অধিক শক্তিশালী কৰি তোলাৰ প্ৰয়াস কৰিছে।

অধিক পঢ়ক

সকলো চাওক