June 9, 2024 7:37 PM | PM Modi

printer

শপতগ্ৰহণৰ পূৰ্বে মহাত্মা গান্ধী আৰু অটল বিহাৰী বাজপেয়ীৰ সমাধিত নৰেন্দ্ৰ মোদীৰ শ্রদ্ধার্ঘ নিবেদন

তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে শপতগ্ৰহণৰ পূৰ্বে বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি পুৱা দিল্লীৰ ৰাজঘাটত থকা মহাত্মা গান্ধী আৰু সদৈৱ অটল উদ্যানত থকা প্ৰাক্তন প্রধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সমাধিত শ্রদ্ধার্ঘ নিবেদন কৰে। ইয়াৰ পিছত তেওঁ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকতো পুস্প মাল্য তৰ্পন কৰে। সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে, মহাত্মাৰ সেৱা আৰু সমাজ কল্যাণৰ প্রতি অদম্য দায়বদ্ধতাই দেশবাসীক এখন উন্নত সমাজ গঢ়াৰ দিশত পথ প্ৰদৰ্শন কৰি আছে। আনহাতে, অটল বিহাৰী বাজপেয়ীৰ দূৰদৰ্শী নেতৃত্ব আৰু প্ৰগতিৰ প্ৰতি থকা দায়বদ্ধতাই দেশখনক যথেষ্ট উপকৃত কৰিছে বুলি শ্রীমোদীয়ে মন্তব্য কৰে। তেওঁ ইণ্ডিয়া গেটত থকা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত দেশৰ বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জনাই কয় যে, এই জোৱানসকলৰ অদম্য সাহস আৰু ত্যাগে দেশৰ শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়িবলৈ সকলোকে অনুপ্রাণিত কৰে। এই শ্রদ্ধাঞ্জলি কাৰ্যসূচীত দলৰ আন এগৰাকী জ্যেষ্ঠ নেতা ৰাজনাথ সিং আৰু সেনা বাহিনীৰ তিনিওটা গোটৰ মুৰববীসকল উপস্থিত আছিল।

অধিক পঢ়ক

সকলো চাওক