ডাউনলোড
মোবাইল এপ

android apple
signal

February 28, 2025 12:35 PM | PM Modi

printer

মহাকুম্ভৰ পৰম্পৰাই ভাৰতৰ জাতীয় চেতনা পুনৰুজ্জিৱীত কৰাৰ লগতে দেশ তথা সমাজক নতুন পথৰ সন্ধান দি আহিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

মহাকুম্ভৰ পৰম্পৰাই হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ জাতীয় চেতনা পুনৰুজ্জিৱীত কৰি তুলি আহিছে আৰু দেশ তথা সমাজলৈ নতুন পথৰ সন্ধান দি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্রীমোদীয়ে কালি সামাজিক মাধ্যমৰ এটা ব্লগ যোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এইবাৰ ১৪৪ বছৰ পাছত মহাকুম্ভৰ যোগ পৰিছে আৰু এই মহাকুম্ভই ভাৰতৰ উন্নয়নৰ যাত্ৰাত এটা নতুন অধ্যায়ৰ বাৰ্তা দিছে। এই বার্তা বিকশিত ভাৰতৰ বার্তা বুলি প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে ।

শ্রীমোদীয়ে কয়, যে এই মহাকুম্ভ মেলাত দেশ-বিদেশৰ বিভিন্ন জাতি তথা আদৰ্শৰ লোকে অংশগ্রহণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয়, যে এগৰাকী নাগৰিক হিচাপে মই এয়ে কামনা কৰো যে আমি যেন আমাৰ পূৰ্বপুৰুষ আৰু সাধু সন্তসকলৰ স্মৃতিৰ পৰা নতুন অনুপ্ৰেৰণা লাভ কৰো। তেওঁ লগতে জনসাধাৰণক একতাক পথ প্ৰদৰ্শনৰ মূল নীতি হিচাপে গ্ৰহণ কৰিবলৈ আৰু দেশৰ প্ৰতি সেৱা, ভগৱানৰ সেৱা হিচাপে লৈ কাম কৰি যাবলৈ জনসাধাৰণৰ প্রতি আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক