ডাউনলোড
মোবাইল এপ

android apple
signal

February 21, 2025 5:53 PM | PM Modi

printer

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ছ’ল লীডাৰশ্বিপ শীৰ্ষ সন্মিলনৰ প্ৰথম সংস্কৰণ মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় শক্তি কেন্দ্ৰ হিচাপে ভাৰতৰ উত্থান ঘটাৰ পৰিপ্ৰেক্ষিতত প্ৰত্যেকটো খণ্ডতে প্রতিভাবান নেতাৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয়, যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ফেৰ মাৰিবলৈ বিশ্বমানৰ নেতা আৰু আন্তঃৰাষ্ট্ৰীয় নেতৃত্বৰ প্ৰয়োজন। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ছ’ল লীডাৰশ্বিপ শীৰ্ষ সন্মিলনৰ প্ৰথম সংস্কৰণ মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। শ্রীমোডীয়ে উল্লেখ কৰে যে এই শীৰ্ষ সন্মিলনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতা দেখুওৱা নেতাসকলক আৰু অধিক দৃঢ়, কাৰ্যক্ষম আৰু দূৰদৰ্শী কৰি তুলিব। ৰাষ্ট্ৰ গঠনৰ বাবে নাগৰিকৰ উন্নয়ন অধিক গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেওঁ কয়, যে বিকশিত ভাৰতৰ যাত্ৰাৰ দিশত স্কুল অৱ আলটিমেট লীডাৰশ্বিপ স্থাপন কৰাটো হৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।
এই সন্মিলনত অংশগ্ৰহণ কৰি ভূটানৰ প্ৰধানমন্ত্ৰী ডাশ্বো ছেৰিং টোবগেই কয়, যে ছ’ল হৈছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মানস পুত্ৰ স্বৰূপ আৰু বিশ্বস্ত নেতা সৃষ্টি কৰাত এয়া হৈছে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ আন এটা উল্লেখনীয় দিশ।

এই দুদিনীয়া শীৰ্ষ সন্মিলনে ৰাজনীতি, ক্রীড়া, কলা আৰু সংবাদ মাধ্যম, আধ্যাত্মিক জগত, ৰাজহুৱা নীতি, ব্যৱসায় আৰু সামাজিক খণ্ডৰ দৰে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক নিজৰ প্ৰেৰণাদায়ক জীৱনযাত্ৰাৰ কথা ভগাই লোৱাৰ মঞ্চ প্ৰদান কৰিব। সন্মিলনখনে সহযোগিতা আৰু চিন্তাধাৰাকেন্দ্ৰিক নেতৃত্বৰ বাবে অনুকূলতন্ত্ৰৰ প্ৰসাৰত সহায় কৰিব। ইয়াৰ জৰিয়তে বিফলতা আৰু সফলতা উভয়ৰে পৰা শিক্ষা লাভৰ সুযোগ পোৱা যাব। এনে শিক্ষাই সন্মিলনত ভাগ লোৱা যুৱ শ্ৰোতাসকলক অনুপ্ৰেৰণা যোগাব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক