ডাউনলোড
মোবাইল এপ

android apple
signal

February 14, 2025 12:03 PM | PM Modi

printer

হোৱাইট হাউচত ডোনাল্ড ট্রাম্পক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৱাশ্বিংটন ডিচিৰ হোৱাইট হাউচত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পক সাক্ষাৎ কৰে। সাক্ষাৎকালত প্রধানমন্ত্রীয়ে কয়, যে তেওঁ ট্রাম্পৰ সৈতে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ কৌশলগত সহযোগিতা আগুৱাই লৈ যাব। তেওঁ কয়, যে শ্রীট্রাম্পে উভয় দেশৰ মাজত সম্পর্ক সর্বাত্মক সম্পৰ্কলৈ উন্নীত কৰাৰ ক্ষেত্ৰত যথেষ্ট আৱদান আগবঢ়াইছে। প্রধানমন্ত্রীয়ে এই সন্দৰ্ভত টেক্সাচৰ হাউদী মোদী আৰু গুজৰাটৰ নমস্তে ট্রাম্প অনুষ্ঠানৰ বিষয়ে স্মৰণ কৰে। তেওঁ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত লাভ কৰা ঐতিহাসিক বিজয়ৰ বাবে ডোনাল্ড ট্রাম্পক অভিনন্দন জ্ঞাপন কৰে। শ্ৰীমোদীয়ে কয়, যে তেওঁলোকে দুয়োখন দেশৰ প্ৰগতি আৰু সমৃদ্ধি সুনিশ্চিত কৰাৰ বাবে কাম কৰি যাব। বৰ্তমানৰ সময় যুদ্ধৰ সময় নহয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, যে সকলো বিষয় কূটনৈতিকভাৱে সমাধান কৰা উচিত।

ৰাষ্ট্ৰপতি ট্রাম্পে শান্তি ঘূৰাই অনাৰ বাবে পদক্ষেপ লোৱাক লৈ শ্ৰীমোদীয়ে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয়, যে বিশ্বই এই ক্ষেত্ৰত ভাৰতৰ নিৰপেক্ষ ৰাষ্ট্ৰ বুলি গণ্য কৰে যদিও ভাৰত নিৰপেক্ষ নহয় বৰং সদায় শান্তিৰ পক্ষত থিয় দি অহা এখন ৰাষ্ট্ৰহে। সাক্ষাৎকালত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে কয়, যে শ্রীমোদী তেওঁৰ পুৰণি বন্ধু আৰু এগৰাকী মহান নেতা। তেওঁ কয়, যে ভাৰতে আমেৰিকাৰ পৰা তেল আৰু গেছ ক্ৰয় কৰিব। শ্ৰীট্টাম্পে ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম আমেৰিকা ভ্রমণ।

অধিক পঢ়ক

সকলো চাওক