ডাউনলোড
মোবাইল এপ

android apple
signal

February 10, 2025 12:06 PM | PM Modi

printer

কৌশলগত, অর্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী আজি ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৌশলগত, অর্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা হব। চাৰিদিনীয়া ভ্ৰমণ সূচীৰ প্ৰথম পৰ্যায়ত শ্ৰীমোদীয়ে ফ্ৰান্সৰ পেৰিছত কাইলৈ হবলগীয়া ২০২৫ বৰ্ষৰ কৃত্রিম বুদ্ধিমত্তা সন্মিলনত সহ অধ্যক্ষতা কৰাৰ লগতে আন এখন গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। তদুপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মাৰ্চেইলত ভাৰতৰ নতুন বাণিজ্যিক দূতাবাস মুকলি কৰিব। আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত ফ্ৰান্সত থকা ভাৰতৰ ৰাষ্ট্রদূত সঞ্জীৱ কুমাৰ ছিংলাই কয়, যে সমগ্র বিশ্বতে কৃত্রিম বুদ্ধিমত্তাক যাতে কেইগৰাকীমান ব্যক্তি অথবা কেইটামান প্রতিষ্ঠানে একচেতিয়া সম্পত্তি হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰখাই হৈছে ভাৰতৰ মূল লক্ষ্য। উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মাজত যাতে অত্যাধুনিক তথ্যপ্রযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত ভিন্নতা নাহে তাৰ বাবে কৃত্রিম বুদ্ধিমত্তা সুৰক্ষিত আৰু বিশ্বাসযোগ্য হৈ থাকিব লাগিব বুলিও ছিংলাই উল্লেখ কৰে। সাক্ষাৎকাৰটোত ৰাষ্ট্রদূতগৰাকীয়ে উল্লেখ কৰা মতে ১২ ফেব্ৰুৱাৰীত মাৰ্চেইলত প্রধানমন্ত্ৰীগৰাকীয়ে বাণিজ্যিক দূতাবাস উদ্বোধন কৰাটো এক উল্লেখনীয় দিন হিচাপে পৰিগণিত হৈ ৰব। ইয়াৰ জৰিয়তে ভাৰত-মধ্যপ্রাচ্য-ইউৰোপৰ অৰ্থনৈতিক দ্বাৰৰ এক শক্তিশালী ভেটি গঢ়ি উঠিব। উল্লেখযোগ্য যে ১২ ফেব্ৰুৱাৰীত প্রধানমন্ত্ৰীগৰাকীয়ে তিনিদিনীয়া ফ্ৰান্সৰ ভ্ৰমণসূচী সামৰি আমেৰিকালৈ ৰাওনা হব। দুদিনীয়া ভ্রমণসূচীত শ্ৰীমোদীয়ে আমেৰিকাৰ সৈতে ভাৰতৰ বাণিজ্য, কৌশলগত সহযোগিতা আৰু প্রযুক্তি অংশীদাৰিত্বৰ বিষয়ক দিশবোৰত আলোচনা কৰিব।

অধিক পঢ়ক

সকলো চাওক