প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভূৱনেশ্বৰৰ জনতা ময়দানত উৎকর্ষ ওড়িশা-মেক ইন ইণ্ডিয়া সন্মিলন উদ্বোধন কৰিব। দুদিনীয়াকৈ হবলগীয়া এই সন্মিলনত ২০ খন বিদেশী ৰাষ্ট্ৰৰ ৭ হাজাৰ ৫শৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। এই সন্মিলনখনত শক্তিশালী অৰ্থনীতিৰ ভেটি স্থাপন হোৱাৰ লগতে ই কৃষক আৰু শ্ৰমিকৰ বাবে বৃহৎ সুযোগৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। সন্মিলনত এশৰো অধিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব আৰু এই চুক্তিসমূহৰ জৰিয়তে ৩ লাখ ৫০ হাজাৰ লোকৰ কৰ্মসংস্থাপনৰ বাট মুকলি হোৱাৰ সম্ভাৱনা আছে।
Site Admin | January 27, 2025 8:15 PM | PM Modi
ভূৱনেশ্বৰত কাইলৈ ওড়িশা-মেক ইন ইণ্ডিয়া সন্মিলন উদ্বোধন প্রধানমন্ত্ৰীৰ
