প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এইবাৰৰ গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰিবলগীয়া ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ সদস্য, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক, প্রতীকপটৰ শিল্পী আৰু জনজাতীয় সম্প্ৰদায়ৰ অতিথিসকলক সাক্ষাৎ কৰিব। এইবছৰ গণৰাজ্য দিৱসৰ সমাৰোহত সাংস্কৃতিক বৈচিত্ৰ আৰু সামৰিক শক্তিৰ প্ৰদৰ্শন কৰা হ’ব। সমাৰোহত সংবিধানৰ ৭৫ সংখ্যক বাৰ্ষিকী আৰু গণ অংশগ্ৰহণত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। এই সমাৰোহত ‘স্বর্ণিম ভাৰত : ঐতিহ্য আৰু উন্নয়ন’ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি সাজি উলিওৱা বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰ্যালয় তথা বিভাগৰ ৩১ টা প্রতীকপট অন্তৰ্ভুক্ত কৰা হ’ব। গণৰাজ্য দিৱসৰ কুচ-কাৱাজত ভগৱান বীচা মুণ্ডাৰ ডেৰশ বছৰীয়া জন্ম বার্ষিকী, চৰ্দাৰ বল্লভ ভাই পেটেল আৰু বতৰ বিজ্ঞান বিভাগৰ বিশেষ প্রতীকপট চামিল কৰা হ’ব। দেশৰ বিভিন্ন প্ৰান্তৰ ৩০০ গৰাকী শিল্পীয়ে বাদ্যযন্ত্ৰৰ সহায়ত পৰিৱেশন কৰা জাতীয় সংগীত ‘চাৰে জাহা সে আচ্চা’ৰে কুচ-কাৱাজ আৰম্ভ হ’ব।
Site Admin | January 24, 2025 1:04 PM | PM Modi
নতুন দিল্লীত গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰিবলগীয়া অতিথিসকলক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ
