প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভি ডি অ‘ কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫০ হাজাৰৰো অধিক গাঁৱৰ সম্পত্তিৰ স্বত্বাধিকাৰীসকলৰ মাজত স্বামীত্ব আঁচনিৰ অধীনত প্রায় ৬৫ লাখ সম্পত্তি কাৰ্ড বিতৰণ কৰে। এই উপলক্ষে দিয়া ভাষণত প্রধানমন্ত্ৰীয়ে আজিৰ দিনটোক গ্ৰাম্য অৰ্থব্যৱস্থাৰ বাবে ঐতিহাসিক বুলি অভিহিত কৰে। তেওঁ কয়, যে স্বামীত্ব আঁচনি ৰূপায়ণ কৰাৰ পাছৰে পৰা বিগত ৫ বছৰত ২ কোটি ২৫ লাখৰো অধিক সম্পত্তিৰ নথি জাৰি কৰা হৈছে। সঠিক সম্পত্তিৰ নথিৰ অভাৱক এক প্ৰকাৰৰ বৃহৎ সমস্যা আখ্যা দি শ্ৰীমোদীয়ে কয়, যে ইয়াৰ ফলত বিভিন্ন বিবাদৰ সৃষ্টি হয়। তেওঁ কয়, যে সম্পত্তিৰ সঠিক নথিয়ে বেংকৰ পৰা ঋণ লাভৰ পথ প্ৰশস্ত কৰে আৰু দখলৰ সমস্যা দূৰ কৰাত সহায় কৰে।
প্রধানমন্ত্রীয়ে কয়, যে সম্পত্তিৰ নথিৰ ফলত দেশত ১০০ লাখ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ দ্বাৰ মুকলি হ‘ব আৰু ইয়াৰ ফলত জনসাধাৰণৰ অৰ্থনৈতিক সৱলীকৰণ সুচল হৈ উঠিব। স্বামীত্ব আঁচনি গ্রামাঞ্চলৰ অৰ্থব্যৱস্থাৰ বাবে উন্নয়নৰ মূল স্তম্ভৰূপে পৰিগণিত হ‘ব বুলি শ্রীমোদীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰে ভূমিলেখাৰ ডিজিটেল ৰূপ প্ৰদানৰ বাবে কাম কৰি আছে আৰু বৰ্তমানলৈকে ২৩ কোটি ভূ-আধাৰ নম্বৰ প্ৰদান কৰা হৈছে। বিগত ৭-৮ বছৰত ভূমি-লেখাৰ ৯৮ শতাংশৰ ডিজিটেল ৰূপ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি প্রধানমন্ত্ৰীয়ে কয়, যে ভূমিৰ অধিকাৰ লাভ কৰাৰ ফলত গাঁও পঞ্চায়তসমূহৰ বিভিন্ন সমস্যা সমাধান হ‘ব আৰু সেইসমূহ আৰ্থিকভাৱে সৱল হৈ উঠিব। তেওঁ কয়, যে মহিলাসকলে উন্নত ভাৰত নিৰ্মাণৰ যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। শ্রীমোদীয়ে কয়, যে তেওঁৰ চৰকাৰে মহিলাসকলৰ সৱলীকৰণত গুৰুত্ব আৰোপ কৰি আহিছে আৰু মহিলাসকলক কেন্দ্ৰত ৰাখিয়েই চৰকাৰে গুৰুত্বপূৰ্ণ আঁচনিসমূহ যুগুতাই উলিয়াইছে।
অত্যাধুনিক ড্ৰণ প্ৰযুক্তিৰে জৰীপ চলাই পৰিয়ালসমূহক ভূমি অধিকাৰৰ নথি প্ৰদান কৰি গ্ৰামাঞ্চলৰ আৰ্থিক বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ২০২০ চনত এই আঁচনিখন আৰম্ভ কৰা হৈছিল। আঁচনিখনে সম্পত্তিক মুদ্ৰালৈ ৰূপান্তৰ কৰাৰ সুবিধা প্ৰদান কৰাৰ লগতে বেংক ঋণৰ জৰিয়তে প্রতিষ্ঠানগত ঋণ লাভৰ পথ সুগম কৰি তোলে। ইয়াৰ উপৰি সম্পত্তি সম্পৰ্কীয় বিবাদ হ্ৰাস কৰাত সহায় কৰে আৰু গ্ৰামাঞ্চলত সম্পত্তিৰ মূল্যায়ন তথা সম্পত্তি কৰ সংগ্ৰহ সূচল কৰি তোলে।
বৰ্তমানলৈকে ১৩ লাখ ১৭ হাজাৰৰো অধিক গাঁৱৰ ড্ৰণ জৰীপ সম্পূৰ্ণ হৈছে আৰু এই সংখ্যা নিৰ্ধাৰিত লক্ষ্যৰ প্ৰায় ৯২ শতাংশ। আঁচনিখনৰ অধীনত এতিয়ালৈকে ১ লাখ ৫৩ হাজাৰৰো অধিক গাঁৱৰ বাবে প্ৰায় ২ কোটি ২৫ লাখ সম্পত্তি কার্ড প্রস্তুত কৰি উলিওৱা হৈছে। পুডুচেৰী, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, ত্ৰিপুৰা, গোৱা, উত্তৰাখণ্ড আৰু হাৰিয়ানাত এই আঁচনিৰ কাম সম্পূৰ্ণ হৈছে। মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, ছত্তিশগড় আৰু কেইবাখনো কেন্দ্ৰীয়শাসিত অঞ্চলতো ড্রণ জৰীপ সম্পন্ন হৈছে।
Site Admin | January 18, 2025 8:25 PM | PM Modi