ডাউনলোড
মোবাইল এপ

android apple
signal

January 9, 2025 8:43 PM | PM Modi

printer

জিনম ইণ্ডিয়া প্রকল্পই দেশৰ জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত এক বিশেষ মুহূৰ্ত চিহ্নিত কৰিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

বিভিন্ন গোলকীয় সমস্যা সমাধানৰ বাবে বিশ্বই ভাৰতৰ মুখলৈ চাই আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। নতুন দিল্লীত আজি অনুষ্ঠিত জিনমিক্স ডাটা কনক্লেভত প্রধানমন্ত্ৰীগৰাকীয়ে এটা ভিডিঅ’ বার্তাযোগে উল্লেখ কৰে যে জিনম ইণ্ডিয়া প্রকল্পই দেশৰ জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত এক বিশেষ মুহূৰ্ত চিহ্নিত কৰিছে। তেওঁ উল্লেখ কৰে যে জৈৱ অৰ্থনীতিয়ে বহনক্ষম উন্নয়নৰ গতি প্ৰদান কৰে। বিগত ১০ বছৰত দেশত জৈৱ অৰ্থনীতিৰ বিকাশ বৃদ্ধি পাইছে। তেওঁ কয় যে ২০১৪ চনত দেশত জৈৱ অৰ্থনীতিৰ মূল্য আছিল ১০ বিলিয়ন ডলাৰ। এতিয়া ই ১৫০ ডলাৰতকৈও অধিক বৃদ্ধি পাইছে। শ্রীমোদীয়ে কয় যে যোৱা ১০ বছৰত দেশত গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। তেওঁ আৰু কয় যে দেশৰ স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে বহুসংখ্যক লোকক বিনামূলীয়া স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক