আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে কালি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। তেওঁলোকে ভাৰত-আমেৰিকাৰ মাজত বিগত চাৰি বছৰত গঢ়ি উঠা গোলকীয় কৌশলগত অংশীদ্বাৰিত্বৰ বিষয়সমূহ- বিশেষকৈ প্ৰযুক্তি, প্ৰতিৰক্ষা, মহাকাশ, নিকা শক্তি, অর্ধপৰিবাহী, আৰু কৃত্রিম বুদ্ধিমত্তাৰ মূল ক্ষেত্ৰসমূহত হোৱা অগ্ৰগতিৰ মূল্যায়ন কৰে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে বিভিন্ন সময়ত অনুষ্ঠিত বৈঠকৰ কথা উল্লেখ কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত-আমেৰিকাৰ মাজৰ কৌশলগত অংশীদ্বাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি বাইডেনৰ অৱদানৰ শলাগ লয়।
মোদীয়ে দুয়োখন দেশৰ জনসাধাৰণৰ সুবিধা তথা গোলকীয় শান্তিৰ দেশ দুখনৰ মাজত ঘনিষ্ঠ সহযোগিতা অব্যাহত ৰখাৰ দায়বদ্ধতাৰ কথা পুনৰ দোহাৰে ।