ডাউনলোড
মোবাইল এপ

android apple
signal

January 3, 2025 12:56 PM | PM Modi

printer

নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ অশোক বিহাৰত বস্তি এলেকাত বাস কৰা লোকৰ বাবে নিৰ্মাণ কৰা প্ৰায় এহেজাৰ ৭০০টা বাসগৃহ মুকলি কৰিব আৰু হিতাধিকাৰীসকলক বাসগৃহৰ চাবি প্ৰদান কৰিব। এই নৱনিৰ্মিত বাসগৃহসমূহৰ উদ্বোধনৰ লগে লগে দিল্লী উন্নয়ন প্ৰাধীকৰণৰ বস্তি এলেকাত পুনর্বাস প্ৰকল্পৰ দ্বিতীয় পৰ্যায় সম্পূৰ্ণ হ’ব। বস্তি এলেকাত বাস কৰা লোকসকলক প্রয়োজনীয় সা-সুবিধাসহ জীৱন ধাৰণৰ বাবে উন্নত আৰু স্বাস্থ্যসন্মত বাতাবৰণ প্ৰদান কৰাই এই প্ৰকল্পৰ মূল উদ্দেশ্য। প্রধানমন্ত্ৰীয়ে লগতে নৌৰজি নগৰৰ বিশ্ব বাণিজ্য কেন্দ্ৰ আৰু সৰোজিনী নগৰৰ সাধাৰণ পুলৰ টাইপ টু আবাসীক কোৱাৰ্টাৰ পুনৰ উন্নয়ন প্রকল্পও উদ্বোধন কৰিব। একেদৰে তেওঁ দ্বাৰকা নগৰত প্ৰায় ৩০০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ সংহত কাৰ্যালয়ো উদ্বোধন কৰিব।

প্রধানমন্ত্রীয়ে দিল্লী বিশ্ববিদ্যালয়ত ৬০০ কোটি টকা ব্যয় সাপেক্ষ তিনিটা নতুন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। তেওঁ নজফগড়ৰ ৰৌচনপুৰত বীৰ ছাৱাৰকাৰ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক যোগেশ সিঙে আকাশবাণীৰ সংবাদদাতাক কয়, যে প্রধানমন্ত্রী মোদীয়ে পূব দিল্লীৰ সুৰজমল বিহাৰত থকা পূব চৌহদ আৰু দ্বাৰকাৰ পশ্চিম চৌহদত একোটাকৈ শৈক্ষিক খণ্ডৰ আধাৰশিলা স্থাপন কৰিব।

অধিক পঢ়ক

সকলো চাওক