প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বিশ্বই যুৱ শক্তিৰ বাবে আশা আৰু আকাংক্ষাৰে ভাৰতলৈ চাইছে। নতুন দিল্লীত আজি আয়োজিত বীৰ শিশু দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্রীমোদীয়ে কয় যে চৰকাৰে যুৱ শক্তিক সৱলীকৰণ কৰাৰ উদ্দেশ্যে আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিছে। তেওঁ কয় যে ষ্টার্ট-আপ ইকো- চিষ্টেম, মহাকাশ অর্থনীতি, ক্রীড়া, নির্মাণ উদ্যোগ, দক্ষতা বিকাশ বা ইন্টার্ণশ্বিপ আঁচনি -এই সকলোবোৰ যুৱকেন্দ্ৰিক নীতিৰে যুগুত কৰা হৈছে যাতে ইয়াৰ দ্বাৰা যুৱ প্ৰজন্ম উপকৃত হয়। শ্রীমোদীয়ে কয় যে ষ্টার্ট- আপৰ পৰা বিজ্ঞানলৈ, ক্ৰীড়াৰ পৰা ঔদ্যোগীকৰণলৈ যুৱ শক্তিয়ে নতুন বিপ্লৱৰ সূচনা কৰিছে। উদ্ভাৱনৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্মক উৎসাহিত কৰিবলৈ দেশজুৰি ১০ হাজাৰতকৈও অধিক অটল টিংকাৰিং লেব স্থাপন কৰা হৈছে বুলিও শ্রীমোদীয়ে প্ৰকাশ কৰে।
প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ গণতন্ত্ৰৰ পৰিসৰ গুৰুসকলৰ শিক্ষা, গুৰুপুত্ৰসকলৰ ত্যাগ আৰু ৰাষ্ট্ৰীয় একতাৰ মূলমন্ত্ৰৰ আধাৰত গঢ়ি উঠিছে। শ্ৰীমোদীয়ে কয় যে গুৰুপুত্ৰসকলে সত্যৰ পথৰ পৰা কেতিয়াও বিচ্যুত হোৱা নাছিল, বৰং জীৱনকেই ত্যাগ কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বীৰ শিশু দিৱসে দেশ আৰু দেশৰ স্বাৰ্থতকৈ একোৱেই যে ডাঙৰ নহয় সেই কথা আমাক বাৰুকৈয়ে শিকাইছে।
শ্রীমোদীয়ে কয়, যে ৰাজনীতিৰ সৈতে জড়িত নথকা পৰিয়ালৰ ১ লাখ যুৱকক অহা ২৫ বছৰৰ ভিতৰত দেশৰ ৰাজনীতিলৈ আনিবলৈ তেওঁৰ দলে প্রয়াস চলাইছে। তেওঁ ৰাজনীতিত যুৱ প্ৰজন্মক অংশগ্ৰহণৰ বাবেও আহ্বান জনায়। শ্রীমোদীয়ে কয়, যে অহা বর্ষত স্বামী বিবেকানন্দৰ জন্মবার্ষিকীৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰত যুৱ নেতা অভিযান আৰম্ভ কৰা হ’ব। এই অভিযানত উন্নত ভাৰত গঢ়াৰ উদ্দেশ্য আৰু ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে দেশৰ গাঁও, নগৰ, আৰু মহানগৰৰ লাখ লাখ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিব।