ডাউনলোড
মোবাইল এপ

android apple
signal

December 21, 2024 8:30 PM | PM Modi

printer

দুদিনীয়া ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কুৱেইটত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে কুৱেইটত উপস্থিত হয়। দেশখনত উপস্থিত হোৱাৰ পাছত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ উপ-প্রধানমন্ত্ৰী শ্বেইখ ফাহাদ ইউছেফ ছড অল-ছাবাহ আৰু ভালেমান মন্ত্ৰী আৰু গণ্য-মান্য ব্যক্তিয়ে বিমান বন্দৰত উষ্ম আদৰণি জনায়। সামাজিক মাধ্যমযোগে প্রধানমন্ত্রী মোদীয়ে প্ৰকাশ কৰে যে এই ভ্রমণে ভাৰত আৰু কুৱেইটৰ বিভিন্ন ক্ষেত্ৰৰ লগতে বন্ধুত্বপূর্ণ সম্পর্ক সুদৃঢ় কৰিব। অনাগত দুটা দিনত প্রধানমন্ত্রীয়ে বিভিন্ন কার্যসূচীত অংশগ্ৰহণ কৰিব। কুৱেইটৰ আমিৰ শ্বেইখ মেছল অল-আহমদ আল-জাবেৰ অল-ছাবাহৰ নিমন্ত্ৰণ মৰ্মে তেওঁ দেশখনলৈ গৈছে। বিগত ৪৩ বৰ্ষত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম কুৱেইট ভ্রমণ । প্রধানমন্ত্রী মোদীক ভাৰতীয় মূলৰ লোকৰ লগতে ১০১ বছৰীয়া প্ৰাক্তন ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া মংগল ছেইন হাণ্ডাই আদৰণি জনাই। প্রধানমন্ত্ৰীয়ে লগতে ৰামায়ণ আৰু মহাভাৰতক আৰৱী ভাষালৈ অনুবাদ কৰা আব্দুল্লা অল বাৰৌনকো সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ আকাশবাণীৰ মন কী বাত কাৰ্যসূচীত দেশখনৰ সাংস্কৃতিক অৱদানৰ কথা উল্লেখ কৰিছিল । প্রধানমন্ত্ৰী মোদীয়ে উচ্চ পর্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰাৰ পূৰ্বে দেশখনৰ বায়ান পেলেচত আয়োজিত এটা বিশেষ অনুষ্ঠানত আনুষ্ঠানিক অভ্যর্থনা জনোৱা হব। ইয়াৰ পাছত শ্ৰীমোদীয়ে কুৱেটৰ আমিৰ আৰু দেশখনৰ যুৱৰাজৰ সৈতে পৃথক বৈঠকত মিলিত হব। ইয়াৰ পাছত শ্ৰীমোদীয়ে দেশখনত থকা ভাৰতীয় মূলৰ লোকসকলে আয়োজন কৰা আহ্বান মোদী শীর্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ লগতে ২৬ সংখ্যক আৰবিয়ান গাল্ফ কাপৰ উদ্বোধনী অনুষ্ঠানত কুৱেইটৰ আমিৰৰ বিশেষ অতিথি হিচাপে উপস্থিত থাকিব।

কুৱেইটলৈ যোৱাৰ পূৰ্বে এটা বিবৃতিত প্রধানমন্ত্রীয়ে কয়, যে ভাৰতে কেইবাদশক ধৰি কুৱেইটৰ সৈতে থকা ঐতিহাসিক সম্পৰ্কক গুৰুত্ব প্ৰদান কৰি আহিছে। তেওঁ কয যে দুয়োখন দেশ কেৱল বাণিজ্য আৰু শক্তিৰ ক্ষেত্ৰত শক্তিশালী অংশীদাৰীয়েই নহয় বৰং উভয় দেশে পশ্চিম এছিয়াৰ শান্তি, নিৰাপত্তা, স্থিৰতা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

অধিক পঢ়ক

সকলো চাওক