ডাউনলোড
মোবাইল এপ

android apple
signal

December 17, 2024 8:09 PM | PM Modi

printer

ৰাজস্থানত ৪৬ হাজাৰ কোটিতকৈও অধিক টকা ব্যয়সাপেক্ষ ২৪ টা প্ৰকল্প মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ জয়পুৰত শক্তি, পথ, জল আৰু ৰেল খণ্ডৰ সৈতে জড়িত ৪৬ হাজাৰ কোটিতকৈও অধিক টকা ব্যয়সাপেক্ষ ২৪ টা প্ৰকল্প মুকলি আৰু আধাৰশিলা স্থাপন কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ভজনলাল শর্মা নেতৃত্বাধীন চৰকাৰৰ এবছৰীয়া বর্ষপূর্তি উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই প্রকল্পসমূহৰ ভিতৰত ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ পাৰ্বতী- কালীসিন্ধ—চম্বল সংযোগী প্রকল্প অন্যতম। আজি শ্ৰীমোদীৰ উপস্থিতিতে দুয়োখন ৰাজ্যৰ মাজত এই প্ৰকল্পৰ বাবে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানক সম্বোধন কৰি শ্ৰীমোদীয়ে কয়, যে এই সংযোগী প্ৰকল্পটোৱে ৰাজস্থানৰ পানীৰ সমস্যাটোৰ এটা স্থায়ী সমাধানৰ ব্যৱস্থা কৰাৰ লগতে বিনিয়োগক উৎসাহিত কৰি যুৱক-যুৱতীসকলৰ বাবে কৰ্ম-সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। আজিৰ অনুষ্ঠানত শ্রীমোদীৰ লগতে ৰাজস্থানৰ ৰাজ্যপাল হৰিভাও বাগৰে, মুখ্যমন্ত্রী ভজনলাল শৰ্মা, মধ্য প্ৰদেশৰ মুখ্যমন্ত্রী মোহনলাল যাদৱ আৰু কেন্দ্ৰীয় জল- শক্তি মন্ত্ৰী চি আৰ পাৰ্টিলো উপস্থিত থাকে ।

অধিক পঢ়ক

সকলো চাওক