আজি আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশন ফলপ্রসূ হোৱাৰ লগতে অধিৱেশনকালত গঠনমূলক বিতৰ্ক আৰু আলোচনাৰ পৰিৱেশ অটুত থাকিব বুলি বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশা প্রকাশ কৰিছে। অধিৱেশন আৰম্ভ হোৱাৰ আগতে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী মোদীয়ে কয় যে সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰৰ আৰম্ভণিৰ লগতে এইবাৰৰ শীতকালীন অধিৱেশন কেইবাটাও কাৰণত বিশেষ হৈ ৰ‘ব। তেওঁ কয়, যে এয়া গণতন্ত্ৰত এটা গৌৰৱময় মাইলৰ খুটি। বিৰোধী পক্ষক কটাক্ষ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, যে ৰাইজে নাকচ কৰা এমুঠিমান মানুহে বিশৃংখলতাৰ সৃষ্টি কৰি সংসদক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আহিছে। সংসদৰ অধিৱেশনৰ সময়খিনি বিশ্বত ভাৰতৰ খ্যাতি তথা ঐতিহ্য আৰু অধিক বৃদ্ধি কৰাৰ বাবে ব্যৱহাৰ কৰাটো উচিত বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে কয়। দেশখনে পোৱা এনে সুযোগ বিশ্বৰ মঞ্চত ভাৰতৰ বাবে বিৰল আৰু আমি ইয়াৰ যথোচিত মূল্য দিব লাগে বুলি শ্ৰী মোদীয়ে উল্লেখ কৰে। তেওঁ কয়, যে ভাৰতৰ সংসদৰ মজিয়াৰ পৰা দেশখনৰ ভোটদাতাসকল, তেওঁলোকৰ গণতন্ত্ৰৰ প্ৰতি দায়বদ্ধতা, সংবিধানৰ প্ৰতি উৎসৰ্গা আৰু সংসদৰ কাম-কাজৰ প্ৰতি থকা বিশ্বাসৰ বাৰ্তা সমগ্ৰ দেশলৈ সংসদৰ সদস্যসকলে বিয়পোৱা উচিত।
Site Admin | November 25, 2024 7:00 PM | PM Modi