ডাউনলোড
মোবাইল এপ

android apple
signal

November 22, 2024 8:20 PM | PM Modi

printer

নাইজেৰিয়া, ব্রাজিল আৰু গায়েনা ভ্ৰমণৰ সময়ছোৱাত বিশ্ব নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ কেইবাখনো দ্বিপাক্ষিক বৈঠক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাঁচদিনীয়া নাইজেৰিয়া, ব্রাজিল আৰু গায়েনা ভ্ৰমণৰ সময়ছোৱাত বিশ্ব নেতাসকলৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হয়। শ্রীমোদীয়ে এই ত্রিদেশীয় ভ্রমণ কালত ৩১খন দ্বিপাক্ষিক বৈঠকৰ লগতে বিশ্ব নেতাসকলৰ সৈতে অনানুষ্ঠানিক আলোচনাতো মিলিত হয়। এই ভ্রমণ কালত শ্রীমোদীয়ে নাইজেৰিয়াৰ তিনিখন, ব্রাজিলত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনৰ অৱসৰত ১০খন আৰু গায়েনাত ৯খন এনে বৈঠকত ভাগ লয়। ব্রাজিলত প্রধানমন্ত্রীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্রোবোৱো ছুবিয়াণ্টো, পর্তুগালৰ প্ৰধানমন্ত্রী লুইছ মণ্টেনেগ্রো, ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰ্মাৰ, চিলিৰ ৰাষ্ট্ৰপতি গেব্রিয়েল বোৰিক আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেবিয়াৰ মাইলিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ইয়াৰ উপৰি শ্ৰীমোদীয়ে ছিংগাপুৰ, দক্ষিণ কোৰিয়া, ইজিপ্ত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু স্পেইনৰ নেতা আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰববী আৰু বিষয়াসকলৰ সৈতে অনানুষ্ঠানিক বৈঠকত ভাগ লয়।

অধিক পঢ়ক

সকলো চাওক