ডাউনলোড
মোবাইল এপ

android apple
signal

November 1, 2024 12:21 PM | PM Modi

printer

ভাৰত ধৰ্ম নিৰপেক্ষ এখন ৰাষ্ট্ৰ দেৱানি বিধিৰ দিশে অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে, যে ভাৰত ধৰ্ম নিৰপেক্ষ এখন ৰাষ্ট্ৰ দেৱানি বিধিৰ দিশে অগ্ৰসৰ হৈছে। গুজৰাটৰ কেৱড়িয়াত কালি ৰাষ্ট্ৰীয় একতা দিৱসৰ সমাৰোহক সম্বোধন কৰি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে । তেওঁ ধৰ্ম নিৰপেক্ষ দেৱানি বিধিক ভেদভাৱ দূৰ কৰাৰ চাবিকাঠি বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ আধাৰৰ সফলতা সকলোৱে প্ৰত্যক্ষ কৰিছে আৰু বিশ্বতো ইয়াক লৈ চৰ্চা হৈছে। তেওঁ কয় যে, পূৰ্বতে দেশত বিভিন্ন কৰ ব্যৱস্থা আছিল আৰু চৰকাৰে এই ব্যৱস্থাসমূহৰ অৱসান ঘটাই এটা কৰ ব্যৱস্থা জি এছ টি প্রণয়ন কৰিছে। তেওঁ লগতে কয় যে, চৰকাৰে এখন ৰাষ্ট্ৰ, এটা পাৱাৰ গ্ৰীড ব্যৱস্থাৰে দেশৰ শক্তি খণ্ডক শক্তিশালী কৰি তুলিছে আৰু এখন ৰাষ্ট্ৰ, এখন ৰেচন কাৰ্ড ব্যৱস্থাৰ মাধ্যমেৰে দুখীয়া লোকসকলৰ বাবে বিভিন্ন সুবিধাৰ একত্ৰীকৰণ কৰিছে। আয়ুষ্মান ভাৰতৰ ৰূপত দেশৰ জনসাধাৰণক এখন ৰাষ্ট্ৰ, এটা স্বাস্থ্য বীমাৰ সুবিধা প্ৰদান কৰা হৈছে বুলিও প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে ৷ তেওঁ কয় যে, একতাৰ এই প্ৰচেষ্টাসমূহৰ অধীনত সম্প্ৰতি এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচনৰ দিশে কাম কৰি থকা হৈছে। শ্রীমোদীয়ে কয় যে, এই ব্যৱস্থাই দেশৰ গণতন্ত্রক অধিক শক্তিশালী কৰি তুলিব আৰু ইয়াৰ জৰিয়তে দেশৰ সম্পদসমূহৰ সৰ্বাধিক লাভ গ্রহণ কৰিব পৰা যাব। এনে হ’লে বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যই নতুন গতি লাভ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে ।

অধিক পঢ়ক

সকলো চাওক