প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জনজাতীয় নেতা কার্তিক ওৰাওনৰ জন্ম শতবার্ষিকী উপলক্ষে শ্রদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্রীমোদীয়ে ওৰাওনক এগৰাকী মহান নেতা হিচাপে অভিহিত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে- প্রয়াত ওৰাওনে জনজাতীয় সম্প্ৰদায়ৰ অধিকাৰৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁ জনজাতীয় সংস্কৃতি আৰু পৰিচয় সুৰক্ষিত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল আৰু বঞ্চিতসকলৰ কল্যাণৰ বাবে তেওঁ আগবঢ়োৱা অৱদানে দেশবাসীক অনুপ্রাণিত কৰিব বুলি শ্রীমোদীয়ে উল্লেখ কৰে।
Site Admin | October 29, 2024 6:12 PM | PM Modi
জনজাতীয় নেতা কার্তিক ওৰাওনৰ জন্ম শতবার্ষিকী উপলক্ষে প্রধানমন্ত্ৰীৰ শ্রদ্ধা জ্ঞাপন
