প্রধানমন্ত্রী মোদীয়ে দেশক সমৃদ্ধিশালী আৰু মহা শক্তিৰূপে গঢ়ি তোলাৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰি আহিছেঃ নীতিন গাডকাৰী

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে তদর্থ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেন্দ্ৰত এখন নতুন চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছে। ৰাষ্ট্ৰপতি ভৱনত কাইলৈ সন্ধিয়া ৭.১৫ মিনিটত প্রধানমন্ত্ৰী তথা নতুন চৰকাৰ শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব ।
প্রধানমন্ত্ৰী পদৰ বাবে মনোনীত হোৱাৰ পাছত নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। ইয়াৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নেতৃত্বত এন ডি এ-ৰ এটা প্ৰতিনিধি দলেও ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে আৰু নৰেন্দ্ৰ মোদীক বিজেপি সংসদীয় দলৰ নেতা হিচাপে বাছনি কৰা বুলি উল্লেখ কৰি এখন পত্ৰ প্ৰদান কৰে। এন ডি এৰ অংশীদাৰ দলসমূহৰ সমৰ্থনৰ পত্ৰও ৰাষ্ট্ৰপতিৰ ওচৰত অৰ্পণ কৰা হয়।
ৰাষ্ট্ৰপতিক সাক্ষাতৰ পাছত ৰাষ্ট্ৰপতি ভৱনৰ বাহিৰত শ্ৰীমোদীয়ে কয় যে, এন ডি এই এখন শক্তিশালী, সুস্থিৰ আৰু বিকাশমুখী চৰকাৰ গঠন কৰিব। শ্রীমোদীয়ে কয় যে, ৰাষ্ট্ৰপতিয়ে তেওঁক কাৰ্যবাহী প্রধানমন্ত্রী হিচাপে মনোনীত কৰিছে আৰু তেওঁ ৰাষ্ট্ৰপতিক দেওবাৰে শপতগ্রহণ অনুষ্ঠানৰ আয়োজন কৰিলে কোনো অসুবিধা নাই বুলি অৱগত কৰিছে। ৰাষ্ট্ৰপতি ভৱনে এতিয়া শপতগ্ৰহণ অনুষ্ঠানৰ সৱিশেষ যুগুত কৰিব আৰু তেতিয়ালৈকে মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ নাম ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰা হ’ব বুলি শ্রীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে, জনসাধাৰণে এন ডি এ চৰকাৰক আন এটা সুযোগ দিছে আৰু ইয়াৰ সদ্ব্যৱহাৰ কৰি তেওঁৰ চৰকাৰে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব। শ্রীমোদীয়ে তেওঁৰ চৰকাৰে ৰাষ্ট্ৰৰ দ্ৰুত বিকাশৰ বাবে চেষ্টাৰ অকণো ত্রুটি নকৰে বুলি প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি ভৱনৰ তৰফৰ পৰা সামাজিক মাধ্যমত কোৱা হৈছে যে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সংবিধানৰ ৭৫ (১) অনুচ্ছেদৰ অধীনৰ ক্ষমতা প্ৰয়োগ কৰি শ্ৰীমোদীক ভাৰতৰ প্ৰধানমন্ত্রী পদত নিযুক্তি দিছে।

Read More: 

ইয়াৰ পূৰ্বে এন ডি এৰ সংসদীয় দলে সর্বসম্মতিক্রমে নৰেন্দ্ৰ মোদীক নেতা বাছনি কৰে। নতুন দিল্লীৰ পুৰণি সংসদ ভৱনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এন ডি এৰ সংসদীয় দলৰ বৈঠকত বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে শ্রীমোদীক এন ডি এৰ নেতা বাছনি কৰাৰ বাবে এটা প্ৰস্তাৱ উত্থাপন কৰে। বিজেপিৰ জ্যেষ্ঠ নেতাসকলৰ লগতে মিত্ৰজোঁটৰ সকলো সহযোগী দলৰ নেতাই এই প্ৰস্তাৱ সমৰ্থন কৰে। শ্ৰীমোদীক লোকসভাত বিজেপিৰ নেতা আৰু বিজেপিৰ সংসদীয় দলৰ নেতা হিচাপেও বাছনি কৰা হয় ।
শ্ৰীমোদীৰ নাম প্ৰস্তাৱ কৰি ৰাজনাথ সিঙে কয় যে, এই পদৰ বাবে শ্ৰী মোদী আটাইতকৈ উপযুক্ত ব্যক্তি। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে, এয়া অকল এন ডি এ সংসদীয় দলৰ বৈঠকত উপস্থিত থকা নেতাসকলৰেই নহয়, বৰং দেশৰ ১৪০ কোটি জনসাধাৰণৰ আকাংক্ষা। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীয়ে কয় যে, প্রধানমন্ত্রী মোদীয়ে দেশক সমৃদ্ধিশালী আৰু মহা শক্তিৰূপে গঢ়ি তোলাৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰি আহিছে। তেলুগু দেশম পাৰ্টীৰ নেতা চন্দ্ৰবাবু নাইডুৱে কয় যে, এন ডি এ চৰকাৰে নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত বিগত ১০ বছৰত ভালেমান গুৰুত্বপূৰ্ণ কাম কৰিছে। এই সময়ছোৱাত দেশ চমকপদ প্ৰগতি আৰু পৰিৱৰ্তনৰ দিশ অগ্ৰসৰ হৈছে বুলিও তেওঁ উল্লেখ কৰে।
প্রধানমন্ত্রী হিচাপে মোদীক সমৰ্থন আগবঢ়াই বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি ইউৰ সভাপতি নীতিশ কুমাৰে কয় যে, এন ডি এত সকলো ঐক্যবদ্ধ হৈ আছে আৰু সকলোৱে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কাম কৰি যাব।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, এন ডি এ ক্ষমতাৰ বাবে একগোট হোৱা ৰাজনৈতিক দলৰ এটা গোট নহয়, বৰং ৰাষ্ট্ৰ প্ৰথম নীতিৰে কাম কৰাৰ বাবে প্রতিশ্রুতিবদ্ধ এটা মিত্রজোঁট। দেশৰ ইতিহাসত এন ডি এ আটাইতকৈ সফল মিত্ৰজোঁট বুলি অভিহিত কৰি শ্ৰীমোদীয়ে কয় যে, সকলো সিদ্ধান্তৰ ক্ষেত্ৰত সহমতত উপনীত হোৱাই লক্ষ্য হোৱা উচিত। তেওঁ কয় যে, দেশৰ জনসাধাৰণে ২২ খন ৰাজ্যত চৰকাৰ গঠনৰ জনাদেশ প্ৰদান কৰি এন ডি এক তেওঁলোকক সেৱা কৰাৰ সুযোগ দিছে। এন ডি এ চৰকাৰে জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নয়ন, সুশাসন আৰু উন্নয়নত গুৰুত্ব আৰোপ কৰিব বুলিও শ্ৰী মোদীয়ে প্ৰকাশ কৰে।
বৈঠকত বিজেপিৰ সভাপতি জে পি নাড্ডা, কেন্দ্রীয় মন্ত্ৰী পীয়ুষ গোৱেল, অনুৰাগ সিং ঠাকুৰ, এল জে পি আৰৰ মুৰববী চিৰাগ পাছোৱান, এন চি পিৰ নেতা অজিত পাৱাৰ, আৰ এল ডিৰ মুৰববী জয়ন্ত চৌধুৰী, জন সেনা পাৰ্টীৰ মুৰব্বী পৱন কল্যাণ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দে, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ শাৱন্ত, মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেণ সিং আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল প্ৰমুখ্যে ভালেমান নেতা উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক