October 22, 2024 8:39 PM | PM Modi

printer

ৰাছিয়া-ইউক্রেইনৰ সংঘাত শান্তিপূর্ণ পন্থাৰে সমাধান কৰাত ভাৰতে সহযোগ কৰিব বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়াৰ কাজানত অনুষ্ঠিত ষোড়শ ব্রীকছ শীর্ষ সন্মিলনৰ সুযোগতে দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। আলোচনাকালত শ্রীমোদীয়ে ৰাছিয়া-ইউক্রেইনৰ সংঘাত শান্তিপূৰ্ণ পন্থাৰে সমাধান কৰা উচিত বুলি ভাৰতে গ্ৰহণ কৰা স্থিতিৰ বিষয়ে পুনৰ উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে মানৱীয় প্ৰচেষ্টাক অগ্ৰাধিকাৰ দি শান্তি আৰু সুস্থিৰতাৰ পুনৰুদ্ধাৰৰ ওপৰত আস্থা ৰাখে। এইক্ষেত্ৰত ভাৰতে সকলো সহযোগিতা আগবঢ়াবলৈ সাজু বুলিও প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে তেওঁৰ শেহতীয়া ৰাছিয়া ভ্রমণে দুয়োখন দেশৰ মাজত সমন্বয় আৰু গভীৰ বন্ধুত্বৰ সম্পৰ্কত আলোকপাত কৰিছে। ব্ৰীক্‌ছ শীৰ্ষ সন্মিলনৰ বাবে কাজানৰ দৰে এখন সুন্দৰ মহানগৰীত উপস্থিত হৈ তেওঁ আনন্দ অনুভৱ কৰিছে বুলিও শ্রী মোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে এই মহানগৰীখনৰ সৈতে ভাৰতৰ গভীৰ আৰু ঐতিহাসিক সম্পৰ্ক আছে আৰু কাজানত ভাৰতীয় বাণিজ্যিক দূতাবাস স্থাপনে এই দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰি তুলিব বুলি প্ৰধানমন্ত্রীয়ে আশা প্রকাশ কৰে। তেওঁ লগতে কয় যে বিগত ১৫ বছৰত ব্ৰীক্‌ছে নিজৰ বিশেষ পৰিচয় দাঙি ধৰিছে আৰু সম্প্ৰতি বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই এই গোটৰ অংশীদাৰ হোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে বুলি তেওঁ মন্তব্য কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কাজানত ভাৰতৰ বাণিজ্যিক দূতাবাস স্থাপনৰ সিদ্ধান্তক আদৰণি জনায়। শ্ৰীমোদী কাইলৈ আৰম্ভ হবলগীয়া ব্ৰীকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণসূচীৰে আজি কাজানত উপস্থিত হয়। এইবেলি এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে গোলকীয় উন্নয়ন আৰু সুৰক্ষাৰ বাবে বহুপাক্ষিকতাবাদৰ সুদৃঢ়কৰণ। ইপিনে, ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত শ্ৰী মোদীয়ে কয় যে ভাৰতে ইতিমধ্যে গোলকীয় উন্নয়ন কার্যসূচী, সংশোধিত বহুপাক্ষিকতাবাদ, জলবায়ু পৰিৱৰ্তন, অর্থনৈতিক সহযোগিতা, শক্তিশালী যোগান শৃংখলা নির্মাণ, সাংস্কৃতিক আৰু জনসম্পৰ্কৰ প্ৰসাৰৰ দৰে বিষয়সমূহক লৈ আলোচনাৰ গুৰুত্বপূৰ্ণ মঞ্চৰূপে পৰিগণিত ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ ঘনিষ্ঠ সহযোগিতাত গুৰুত্ব আৰোপ কৰি আহিছে।

অধিক পঢ়ক

সকলো চাওক