October 21, 2024 11:14 AM | PM Modi

printer

ব্রিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্রধানমন্ত্ৰী আজি ৰাছিয়ালৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ষোড়শ ব্রাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্রিকা অর্থাৎ ব্রিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি ৰাছিয়ালৈ যাব। প্ৰধানমন্ত্ৰীয়ে এই সন্মিলনৰ আপাহঁতে সদস্য ৰাষ্ট্ৰৰ নেতা তথা অন্যান্য আমন্ত্রিত ব্যক্তিসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা ৯ খনলৈ বৃদ্ধি পোৱাৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে এই সন্মিলন অনুষ্ঠিত হৈছে। ২০২৩ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত ইজিপ্ত, ইৰাণ, ইথিউপিয়া আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। বিদেশ পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্রণমৰ্মে কাইলৈ আৰু পৰহিলৈ কাজানত অনুষ্ঠিত ব্রিকছ সন্মিলনত অংশ ল’ব। এইবাৰৰ এই সন্মিলনৰ বিষয় হৈছে- গোলকীয় বিকাশ আৰু সুৰক্ষাৰ বাবে বহুপাক্ষিকতা শক্তিশালী কৰা। এই সন্মিলনে বিশ্বৰ নেতাসকলক গুৰুত্বপূৰ্ণ গোলকীয় বিষয় সন্দৰ্ভত আলোচনা কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰিব। তদুপৰি এই সন্মিলনে ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীয়ে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰা তথা ভৱিষ্যতৰ সহযোগিতাৰ সম্ভাৱনাময় ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰ ক্ষেত্ৰত বিশেষ সুযোগ প্ৰদান কৰিব। মূল বৈঠকৰ উপৰিও ব্ৰিছ আৰু গোলকীয় দক্ষিণ : একেলগে বিশ্বৰ ভৱিষ্যৎ নির্মাণ বিষয়ত ব্রিকছ প্লাছ বৈঠকো অনুষ্ঠিত হ’ব। এই বৈঠকত এছিয়া, আফ্রিকা, মধ্য প্ৰাচ্য আৰু দক্ষিণ আমেৰিকাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব ।

অধিক পঢ়ক

সকলো চাওক