October 15, 2024 7:24 PM | PM Modi

printer

কেন্দ্ৰীয় চৰকাৰে দেশত মহিলা সৱলীকৰণৰ লক্ষ্যৰে প্ৰযুক্তিৰ ব্যৱহাৰ সূচল কৰি তুলিছে বুলি প্রধানমন্ত্রীৰ মন্তব্য

কেন্দ্ৰীয় চৰকাৰে দেশত মহিলা সৱলীকৰণৰ লক্ষ্যৰে প্ৰযুক্তিৰ ব্যৱহাৰ সূচল কৰি তুলিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ অর্থাৎ আই টি ইউৰ বিশ্ব দূৰসংযোগ মান নিৰ্ধাৰণ সভা ২০২৪ মুকলি কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে এইকথা প্ৰকাশ কৰে । অনাগত সময়ৰ ভাৰতবৰ্ষত দেশৰ প্ৰতিগৰাকী কন্যাই প্রযুক্তি ক্ষেত্ৰৰ গুৰি ধৰিব বুলি তেওঁ আশা প্ৰকাশ কৰাৰ কথাও ভাষণত উল্লেখ কৰে। ভাৰতে মহিলা নেতৃত্বাধীন বিকাশৰ বাবে গুৰুত্ব সহকাৰে কাম কৰি আছে বুলি প্রধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে, ভাৰতৰ জি টুৱেণ্টি দেশসমূহৰ সন্মিলনত অধ্যক্ষতাৰ সময়তো এই বিষয়টোত গুৰুত্ব দিয়া হৈছিল। তেওঁ কয় যে, ভাৰত সম্প্ৰতি দূৰসংযোগ আৰু আনুষংগিক প্ৰযুক্তি ক্ষেত্ৰৰ সবাতোকৈ সক্ৰিয় দেশৰূপে পৰিগণিত হৈছে। তেওঁ কয় যে, দেশত ১২০ কোটি মোবাইল ফোন আৰু ৯৫ কোটি – ইণ্টাৰনেট ব্যৱহাৰকাৰী আছে। বিশ্বৰ ৪০ শতাংশৰো অধিক ডিজিটেল লেনদেন ভাৰততে হয় বুলিও প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতে সমাজৰ শেষজন ব্যক্তিলৈ সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ডিজিটেল যোগাযোগক ফলপ্ৰসূ আহিলাৰূপে গঢ়ি তুলিছে। দেশৰ ডিজিটেল দৃষ্টিভংগী-কম খৰচী আহিলা, সৰ্বত্ৰ যোগাযোগ, বহনক্ষম ডেটা আৰু ডিজিটেল প্রথম এই চাৰিটা স্তম্ভৰ ওপৰত আধাৰিত বুলি শ্ৰী মোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ বজাৰ ৰূপে পৰিগণিত হৈছে আৰু চৰকাৰে বৰ্তমান ছিক্স-জি প্রযুক্তি সন্দৰ্ভত ব্যাপকভাৱে কাম কৰি আছে। দেশৰ প্রায় প্ৰতিখন জিলাই ফাইভ-জি নেটৱৰ্কৰ দ্বাৰা সংযুক্ত বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতে দূৰ সংযোগ খণ্ডৰ সূচনা কৰা সংস্কাৰ আৰু উদ্ভাৱন কল্পনাতীত আৰু অভূতপূর্ব।

অধিক পঢ়ক

সকলো চাওক