October 8, 2024 11:45 AM | PM Modi

printer

বিগত ২৩ বছৰত পোৱা শিক্ষাই দেশক আগবঢ়াই নিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে : প্ৰধানমন্ত্ৰী

 চৰকাৰৰ মুৰব্বী হিচাপে ২৩ বছৰ সম্পূৰ্ণ কৰা সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত বছৰবোৰৰ শিক্ষাই দেশক আগবঢ়াই নিয়াত অগ্ৰণী ভূমিকা লোৱাৰ ক্ষেত্ৰত তেওঁক সমৰ্থ কৰি তুলিছে বুলি মত প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এলানি পোষ্টত শ্ৰী মোদীয়ে জনসাধাৰণক তেওঁলোকৰ আশীৰ্বাদ আৰু শুভকামনাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ কয় যে ২০০১ চনৰ ৭ অক্টোবৰত তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত ৰাজ্যখনে সন্মুখীন হোৱা ভালেমান প্রত্যাহ্বান সন্দৰ্ভতো তেওঁ আলোকপাত কৰে। মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ ১৩ বছৰীয়া কাৰ্যকালৰ সময়ত ৰাজ্যখনে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সমৃদ্ধিৰ হকে সবকা ছাথ, সবকা বিকাশৰ আদৰ্শৰ এটা উদ্ভাসিত উদাহৰণ হিচাপে বিবেচিত হৈছিল বুলিও শ্রী মোদীয়ে লগতে উল্লেখ কৰে। প্রধানমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকাল সন্দৰ্ভত শ্ৰী মোদীয়ে কয় যে বিগত দশকটোত দৰিদ্ৰতা নির্মূল, অর্থনৈতিক উত্থান, ষ্টার্টআপ পৰিৱেশ তন্ত্ৰ, মহিলা সৱলীকৰণ আদিকে ধৰি দেশে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সমাধান কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক