October 2, 2024 8:42 PM | PM Modi

printer

প্রধানমন্ত্ৰীয়ে উপহাৰ স্বৰূপে লাভ কৰা সামগ্ৰীসমূহৰ ই নিলামৰ সময়সীমা ৩১ অক্টোবৰলৈকে বৃদ্ধি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপহাৰ স্বৰূপে লাভ কৰা সামগ্ৰীসমূহৰ ই নিলামৰ সময়সীমা ৩১ অক্টোবৰলৈকে বৃদ্ধি কৰা হৈছে। প্ৰথমে এই সময়সীমা ১৭ চেপ্তেম্বৰৰ পৰা আজিলৈকে আছিল। চৰকাৰে জনসাধাৰণক এই ই নিলামত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে ই-নিলামৰ পৰা সংগ্ৰহীত ধনৰাশি নমামি গংগে পুঁজিত ব্যৱহাৰ কৰা হ’ব। ইচ্ছুক ব্যক্তিয়ে pmmementos.gov.in official ৱেৱছাইটত পঞ্জীয়ন কৰি ই-নিলামত অংশগ্ৰহণ কৰিব পাৰিব। বিশেষ চিত্রশিল্প, প্ৰসিদ্ধ মন্দিৰৰ প্ৰতিকৃতি, হিন্দু দেৱ-দেৱীৰ প্ৰতিকৃতি, পেৰালিম্পিয়ানসকলৰ জোতা আদিকে ধৰি প্ৰায় ৬০০ সামগ্ৰী ই-নিলামৰ বাবে আগবঢ়োৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক