October 2, 2024 8:33 PM | PM Modi

printer

ঝাৰখণ্ডৰ হাজাৰিবাগত প্রধানমন্ত্ৰীৰ ৮৩, ৩০০ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ হাজাৰিবাগত ৮৩ হাজাৰ ৩০০ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু মুকলি কৰে। এই প্রকল্পসমূহৰ ভিতৰত ধৰতী আবা জনজাতীয় গ্রাম উৎকর্ষ অভিযান আছে যাৰ মুঠ ব্যয় হৈছে ৭৯ হাজাৰ ১৫০ কোটি টকা। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী জনজাতি আদিৱাসী নয়া মহা অভিযানৰ অন্তৰ্গত বিভিন্ন প্রকল্পও আছে। প্রধানমন্ত্রীয়ে ৪০ খন একলব্য বিদ্যালয় মুকলি কৰাৰ লগতে ২৫ খন একলব্য বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। হাজাৰিবাগৰ বিনোৱা ভাৱে বিশ্ববিদ্যালয় প্ৰাঙ্গনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে, এই প্রকল্পসমূহে আদিবাসী সম্প্রদায়ৰ লগতে সমগ্ৰ ৰাজ্যখনৰে সৱলীকৰণ কৰিবলৈ আৰু ৰাজ্যখনত গ্ৰাম্য আন্তঃগাঠনি বৃদ্ধি কৰিবলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব। শ্রীমোদীয়ে কয় যে দেশৰ আদিৱাসী সম্প্ৰদায়ৰ উন্নয়ন আৰু সৱলীকৰণ অবিহনে বিকশিত ভাৰতৰ সপোন পূৰণ কৰাটো সম্ভৱ নহয়। প্রকল্পসমূহ মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ইয়াৰ দ্বাৰা ৫ কোটিতকৈও অধিক আদিৱাসী লোক লাভান্বিত হব। শ্রীমোদীয়ে লগতে কয় যে, আদিবাসী প্ৰকল্পৰ উন্নয়ন চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। ধৰতী আবা জনজাতীয় গ্রাম উৎকর্ষ অভিযান এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, এই অভিযানৰ উদ্দেশ্য হৈছে আদিৱাসী গাওঁবোৰৰ সমগ্ৰ বিকাশ সাধন কৰা আৰু অঞ্চলসমূহৰ সামাজিক অর্থনৈতিক প্ৰেক্ষাপট সলনি কৰা।

অধিক পঢ়ক

সকলো চাওক