প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমত স্থাপন হ’বলগীয়া চাৰিটা গুৰুত্বপূৰ্ণ প্ৰকল্পকে ধৰি দেশৰ মুঠ ৩৩টা সংকুচিত জৈৱ গেছ প্ৰকল্পৰ ভার্চুৱেল ব্যৱস্থাৰে আধাৰশিলা স্থাপন কৰে। অইল ইণ্ডিয়া লিমিটেডে গুৱাহাটী, যোৰহাট, শিৱসাগৰ আৰু তিনিচুকীয়াত সংকুচিত জৈৱ গেছ প্রকল্প স্থাপনৰ ব্যৱস্থা কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা খণ্ডলৈ আগবঢ়োৱা বিনিয়োগ আৰু ব্যক্তিগত উদ্যমীৰ সৈতে সহযোগিতাৰে ৰূপায়ণ কৰিবলগীয়া আঁচনিৰ অংশ হিচাপে প্ৰতিষ্ঠানটোৱে এই প্রকল্পকেইটা স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নগৰীয়া গোটা আৱৰ্জনাক জৈৱ গেছলৈ ৰূপান্তৰৰ জৰিয়তে অৰ্থনীতি, পৰিৱেশ তথা সমাজৰ প্ৰতি বৰঙনি আগবঢ়োৱাৰ উদ্দেশ্যৰে ৰূপায়ণ কৰিবলৈ লোৱা এই আঁচনিৰ জৰিয়তে অইল ইণ্ডিয়া লিমিটেডে দৈনিক ১২৫ টন আৱৰ্জনা নিষ্কাষণ কৰি তাৰ পৰা দিনটোত প্ৰায় ২ টন পৰিমাণৰ সংকুচিত জৈৱ গেছ উৎপাদন কৰিব পৰা হ’ব বুলি আশা কৰা হৈছে। এই গোটসমূহে একেলগে ৫০০ টন পৌৰ নিগমৰ আৱৰ্জনাক প্ৰতিদিনে ৮ টন পৰিমাণৰ সংকুচিত জৈৱ গেছ উৎপাদন কৰিব পাৰিব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এই বিশেষ পদক্ষেপৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমবাসীৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছে। এটা বাৰ্তাত তেওঁ কয় যে, প্রধানমন্ত্রী মোদীয়ে দেশখনক স্বচ্ছ কৰি তোলাৰ দিশত সদায়ে গুৰুত্ব আৰোপ কৰি আহিছে। উল্লেখযোগ্য যে এই প্ৰকল্পৰ জৰিয়তে প্ৰদূষণৰ পৰিমাণ উল্লেখনীয়ভাৱে হ্ৰাস পোৱাৰ লগতে কৰ্ম সংস্থাপনৰো সুযোগ বৃদ্ধি পাব। প্রধানমন্ত্ৰীৰ অধ্যক্ষতাত আজি উদ্বোধনী অনুষ্ঠানত অসমৰ চাৰিওটা স্থানতে বহুকেইগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াৰ লগতে উদ্যোগী তথা সমাজৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।
Site Admin | October 2, 2024 7:41 PM | PM Modi