October 1, 2024 8:35 PM | PM Modi

printer

নতুন দিল্লীত ড° এন্ড্রিউ হ’লনেছৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত জামাইকাৰ প্ৰধানমন্ত্ৰী ড° এন্ড্রিউ হ’লনেছৰ সৈতে বাৰ্তালাপত মিলিত হয়। প্রধানমন্ত্রী মোদীয়ে হায়দৰাবাদ হাউছত ড° হলনেছক আদৰণি জনায়। দুয়োখন দেশে আজি ডিজিটেল ৰাজহুৱা আন্তঃগাথনি, সাংস্কৃতিক বিনিময় আৰু ক্ৰীড়াৰ ক্ষেত্ৰত ৪ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এটা যৌথ প্ৰেছ বিবৃতিত প্রধানমন্ত্রী মোদীয়ে কয় যে, জামাইকাৰ প্ৰধানমন্ত্ৰী ভ্ৰমণক ভাৰতে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। মোদীয়ে লগতে কয় যে ভাৰত আৰু জামাইকাৰ সম্পৰ্ক, বিনিময়ৰ ইতিহাস গণতান্ত্রিক মূল্যবোধ আৰু জনসাধাৰণৰ মাজৰ শক্তিশালী সম্পৰ্কৰ ভেঁটিৰ দ্বাৰা গঢ় লৈ উঠিছে। মোদীয়ে লগতে কয় যে, ডিজিটেল ৰাজহুৱা আন্তঃগাথনি, ক্ষুদ্র উদ্যোগ, জৈৱ ইন্ধন, উদ্ভাৱন, স্বাস্থ্য, শিক্ষা আৰু কৃষিক্ষেত্ৰত ভাৰতে জামাইকাৰ সৈতে নিজৰ অভিজ্ঞতা ভাগ বতৰা কৰিব। তেওঁ লগতে কয় যে, ভাৰতে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত জামাইকা সেনাৰ প্ৰশিক্ষণ আৰু সামৰ্থ বিকাশৰ বাবে সহায় কৰিব। ড্ৰাগছ সৰবৰাহ, অপৰাধ আৰু সন্ত্ৰাসবাদৰ সন্দৰ্ভত প্রধানমন্ত্রী মোদীয়ে কয় যে, এইবোৰ হৈছে উমৈহতীয়া প্ৰত্যাহ্বান আৰু দুইপক্ষই একেলগে এই প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’বলৈ সন্মত।

অধিক পঢ়ক

সকলো চাওক