June 5, 2024 12:38 PM | PM Modi

printer

তৃণমূল কর্মীসকলৰ অবিহনে বিজেপিৰ জয় কেতিয়াও সম্ভৱ নাছিল বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফল পৰিস্ফূত হোৱাৰ পাছতে কালি নিশা দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহ, ৰাজনাথ সিং, জে পি নাড্ডা উপস্থিত হৈ দলীয় কার্যকর্তাসকলক সম্বোধন কৰে। দলৰ সভাপতি জে পি নাড্ডাই ভাৰতীয় জনতা পাৰ্টীৰ সকলো কর্মকর্তালৈ ধন্যবাদ জ্ঞাপন কৰি কয় যে, তৃণমূল কর্মীসকলৰ অবিহনে বিজেপিৰ জয় কেতিয়াও সম্ভৱ নহয়। প্রধানমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ স্নেহৰ ওচৰত ঋণী বুলি উল্লেখ কৰি কয় যে দেশৰ জনতাই এন ডি এ চৰকাৰৰ ওপৰত আস্থা প্ৰকাশ কৰিছে। শ্রীমোদীয়ে দেশৰ নিৰ্বাচন আয়োগক স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তীব্ৰ গৰমকো নেওচি নিৰ্বাচনৰ কাম-কাজত জড়িত হৈ থকা বিষয়া কৰ্মচাৰীসকলকো ধন্যবাদ জ্ঞাপন কৰে । আনহাতে, কংগ্ৰেছ দলে কালি লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত দলৰ সভাপতি মল্লিকার্জুন খার্গে, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু নেতা ৰাহুল গান্ধীয়ে অংশ লয়। ৰাহুল গান্ধীয়ে সংবাদমেলত ভোটদাতাসকলক ধন্যবাদ জ্ঞাপন কৰি এই নির্বাচন সংবিধান ৰক্ষাৰ স্বাৰ্থত অনুষ্ঠিত হৈছে বুলি প্ৰকাশ কৰে। ইপিনে, শ্ৰী গান্ধীয়ে নির্বাচনী ফলাফল সন্দৰ্ভত আলোচনা কৰাৰ বাবে আজি বিৰোধী ঐক্যমঞ্চৰ এখন বৈঠক অনুষ্ঠিত হ’ব বুলিও জানিবলৈ দিয়ে। কালি অনুষ্ঠিত সংবাদমেলখনত বিৰোধী দলসমূহৰ সৈতে কংগ্ৰেছ একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো ফলপ্রসূ হৈছে বুলি তেওঁ উল্লেখ কৰে। আনহাতে, শ্ৰী খার্গেই সংবাদমেলত কয় যে কোনো দলেই স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাই আৰু এইবাৰৰ নিৰ্বাচনী ফলাফলে জনসাধাৰণৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে জনমতকে প্রতিফলিত কৰিছে।

অধিক পঢ়ক

সকলো চাওক