September 14, 2024 8:38 PM | PM Modi

printer

কাইলৈ জামছেদপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকললৈ প্ৰথম কিস্তিৰ ধন হস্তান্তৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ জামছেদপুৰৰ এটা অনুষ্ঠানত ঝাৰখণ্ডৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকললৈ প্ৰথম কিস্তিৰ ধন হস্তান্তৰ কৰিব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে কয় যে, প্রধানমন্ত্ৰীয়ে ৰাজ্যখনৰ প্ৰায় ২০ হাজাৰ হিতাধিকাৰীৰ মাজত আৱণ্টন পত্ৰও বিতৰণ কৰিব। ইয়াৰ উপৰি ৫ কোটিৰো অধিক টকা এটা ক্লিকৰ জৰিয়তে হিতাধিকাৰীসকলৰ বেংক একাউণ্টৰ জৰিয়তে হস্তান্তৰ কৰা হব। ৪৬ হাজাৰ হিতাধিকাৰীৰ নৱনিৰ্মিত বাসগৃহৰ গৃহ প্ৰৱেশ অনুষ্ঠানৰো আয়োজন কৰা হব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্রীচৌহানে কয় যে, প্রধানমন্ত্রীয়ে সোমবাৰে গুজৰাটৰ হিতাধিকাৰীসকললৈ আৰু মঙলবাৰে ওড়িশা তথা নির্বাচনী আচৰণ বিধি বলৱৎ হৈ নথকা সকলো ৰাজ্যৰ হিতাধিকাৰীলৈ কিস্তিৰ ধন হস্তান্তৰ কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে, প্রধানমন্ত্ৰীয়ে যোগ্য হিতাধিকাৰীসকলক তালিকাত অন্তৰ্ভুক্ত কৰি বাসগৃহ আৱণ্টন সুনিশ্চিত কৰাৰ উদ্দেশ্যে আৱাস প্লাছ 2024 নামৰ এটা এপো মুকলি কৰিব। চৰকাৰ সমাজৰ কল্যাণৰ প্ৰতি বদ্ধপৰিকৰ বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ অধীনত নিৰ্মাণ কৰা বাসগৃহসমূহ এম জি এনৰেগা, স্বচ্ছ ভাৰত অভিযান, জলজীৱন মিছন, উজ্জ্বলা যোজনা আৰু সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ সৈতে সংযুক্ত কৰা হৈছে। তেওঁ কয় যে, এই আঁচনিৰ অধীনত অনাগত সময়ত ৩ লাখ ৬ হাজাৰ কোটিৰো অধিক টকা ব্যয়েৰে ৩ কোটি অতিৰিক্ত বাসগৃহ নিৰ্মাণ কৰা হব। কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ চতুৰ্থ পৰ্যায় আৰম্ভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই আঁচনিৰ অধীনত ৬২ হাজাৰ ৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সকলো বতৰত ব্যৱহাৰৰ উপযোগী পথ নিৰ্মাণ কৰা হব।

অধিক পঢ়ক

সকলো চাওক