September 14, 2024 7:17 PM | PM Modi

printer

তিনিদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্ৰী কাইলৈ ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশালৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশালৈ যাব। প্ৰথমতে প্রধানমন্ত্ৰীগৰাকী কাইলৈ ঝাৰখণ্ডত উপস্থিত হব। তাত টাটানগৰ জংচন ৰেল ষ্টেচনত তেওঁ ছখন বন্দে ভাৰত ৰেলগাড়ীৰ পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰিব। শ্রীমোদীয়ে ৰাজ্যখনত ৬৬০ কোটিৰো অধিক টকাৰ ব্যয়সাপেক্ষ কেইবাটাও ৰেলৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। টাটানগৰত তেওঁ প্ৰধানমন্ত্রী আবাস যোজনা গ্রামীনৰ ২০ হাজাৰ হিতাধিকাৰীক আবাসগৃহৰ অনুমোদন পত্ৰ বিতৰণ কৰিব। সোমবাৰে প্ৰধানমন্ত্ৰী গুজৰাটলৈ যাব আৰু গান্ধীনগৰত প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ গান্ধীনগৰৰ মহাত্মা মন্দিৰত চতুর্থ গোলকীয় পুনৰ নবীকৰণ শক্তি বিনিয়োগকাৰী বৈঠক আৰু এক্সপউদ্বোধন কৰিব। প্রধানমন্ত্রীয়ে লগতে আহমেদাবাদ মেট্‌ ৰেল প্ৰকল্প মুকলি কৰিব আৰু চেকচন-১ মেট্‌ ষ্টেচনৰ পৰা জি আই এফ টি চিটি মেট্ৰষ্টেচনলৈ চমু যাত্ৰা কৰিব। সেইদিনাই সন্ধিয়া শ্রীমোদীয়ে আহমেদাবাদত ৮ হাজাৰ কোটিৰো অধিক টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব । মঙলবাৰ অৰ্থাৎ ১৭ ছেপ্তম্বৰত প্ৰধানমন্ত্রী মোদীয়ে ওড়িশা ভ্ৰমণ কৰিব। ভূৱনেশ্বৰত তেওঁ প্ৰধানমন্ত্ৰী নগৰীয়া আবাস যোজনাৰ একাংশ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰিব। শ্রীমোদীয়ে ভূৱনেশ্বৰত ৩ হাজাৰ ৮০০ কোটিৰো অধিক টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু মুকলি কৰিব।

অধিক পঢ়ক

সকলো চাওক