September 13, 2024 12:29 PM | PM Modi

printer

ভাৰতবৰ্ষৰ দ্রুত বিকাশত বিমান পৰিবহন খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বিমান পৰিবহন খণ্ডই ভাৰতবৰ্ষক বিশ্বৰ সবাতোকৈ দ্রুত বিকাশশীল অৰ্থব্যৱস্থাৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চৰকাৰে এই খণ্ডৰ জৰিয়তে জনসাধাৰণ, সংস্কৃতি আৰু সমৃদ্ধিৰ সৈতে সংযুক্ত হোৱাৰ বাবে কাম কৰি আছে বুলিও শ্ৰী মোদীয়ে মন্তব্য কৰে। নতুন দিল্লীত কালি অসামৰিক বিমান পৰিবহন বিষয়ক এছিয়া প্রশান্ত মন্ত্ৰী পৰ্যায়ৰ সন্মিলনক সম্বোধন কৰি প্ৰধানমন্ত্রী গৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, মধ্যবিত্ত শ্ৰেণীৰ ভিতৰত পৰা লোকৰ বৰ্ধিত সংখ্যাৰ ফলত বৃদ্ধি পোৱা চাহিদাৰ বাবে খণ্ডটো চকুত লগা ধৰণৰ প্ৰগতি পৰিলক্ষিত হৈছে। তেওঁ কয় যে ভাৰতৰ বিমান পৰিবহণ খণ্ড উল্লেখনীয় পৰিৱৰ্তনৰ মাজেৰে অগ্ৰসৰ হৈছে আৰু ইয়াৰ ফলত জনসাধাৰণৰ বাবে যাত্ৰা সুগম হৈ পৰিছে আৰু যোগাযোগ ব্যৱস্থা সুদৃঢ় হৈ উঠিছে। ভাৰতত অসামৰিক বিমান পৰিবহণ খণ্ডৰ অভূতপূৰ্ব বিকাশ হোৱা বুলিও প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, দেশত মাত্ৰ এটা দশকত আমূল পৰিৱৰ্তন হৈছে। শ্রী মোদীয়ে কয় যে, মহিলাৰ নেতৃত্বত হোৱা বিকাশৰ প্ৰতি তেওঁৰ চৰকাৰ বদ্ধপৰিকৰ আৰু অসামৰিক বিমান পৰিবহণ খণ্ডই এই অভিযানত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। দেশৰ মুঠ বিমান চালকৰ প্ৰায় ১৫ শতাংশ মহিলা বুলি প্রধানমন্ত্রীয়ে উল্লেক কৰে। তেওঁ কয় যে, জনসাধাৰণে ভার্তিপৰ্ট অর্থাৎ উলম্বভাৱে বিমানৰ উৰণ আৰু অৱতৰণৰ সুবিধা থকা বিমান বন্দৰৰ উদ্ভাৱনৰ বিষয়ে জনা উচিত। প্রধানমন্ত্ৰীয়ে কয় যে, এয়াৰ টেক্সীৰে যাত্ৰা কৰাৰ অৱধাৰণা বাস্তৱত পৰিণত হোৱাৰ সময় সমাগত। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে সকলো সদস্য ৰাষ্ট্ৰই দিল্লী ঘোষণাপত্ৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে। দিল্লী ঘোষণাপত্র, অঞ্চলটোৰ বিমান পৰিবহণ খণ্ডক নতুন শিখৰলৈ লৈ যোৱাৰ দূৰদৰ্শী পৰিকল্পনাস্বৰূপ।

অধিক পঢ়ক

সকলো চাওক