September 12, 2024 8:14 PM | PM Modi

printer

অসামৰিক বিমান পৰিবহন বিষয়ক এছিয়া প্রশান্ত মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয় সন্মিলনত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশৰ বিমান পৰিবহন খণ্ড আমূল পৰিৱৰ্তনৰ মাজেৰে অগ্ৰসৰ হৈছে আৰু ইয়াৰ ফলত জনসাধাৰণৰ বাবে যাত্ৰা সূচল হৈ পৰিছে আৰু যোগাযোগ ব্যৱস্থাও উন্নত হৈছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অসামৰিক বিমান পৰিবহন বিষয়ক এছিয়া প্রশান্ত মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয় সন্মিলনত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে সন্মিলনত অংশগ্ৰহণ কৰা সদস্য ৰাষ্ট্ৰসমূহে দিল্লী ঘোষণা পত্ৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে। এই ঘোষণাপত্র, অঞ্চলটোৰ বিমান পৰিবহন খণ্ডক নতুন শিখৰলৈ লৈ যোৱাৰ দূৰদৰ্শী পৰিকল্পনা ৰূপে বিবেচিত হৈছে। অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰামমোহন নায়ডুৱে কালি নতুন দিল্লীত এই সন্মিলন উদ্বোধন কৰে। শ্ৰী নায়ডুক অসামৰিক বিমান পৰিবহন বিষয়ক এছিয়া প্রশান্ত মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয় সন্মিলনৰ অধ্যক্ষ নিৰ্বাচিত কৰা হয় ৷ এই উপলক্ষে শ্রী নায়ডুৱে ২০৩৫ বৰ্ষলৈকে বছৰি ৩৫০ কোটি যাত্ৰীৰ আহ-যাহ সুগম কৰি তোলাৰ উদ্দেশ্যে এছিয়া প্রশান্ত বিমান পৰিবহন আন্তঃগাঁথনিৰ কৌশলগত বিনিয়োগৰ বাবে আহ্বান জনায়। ভাৰতে ২০২৫ চন পর্যন্ত বিমান পৰিবহন কার্যবাহিনীত মহিলাৰ অংশগ্রহণ ২৫ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰ্যালয়ে সম্প্রতি বিশেষ অভিযানৰ চতুৰ্থ পৰ্যায়ৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। এই পৰ্যায়ত সকলো বিষয়া-কৰ্মচাৰীক শপতৰ মাধ্যমেৰে পৰিষ্কাৰ আৰু আৱৰ্জনামুক্ত ভাৰত গঢ়াৰ কাম কৰিবলৈ অনুপ্ৰাণিত কৰা হ’ব ।

অধিক পঢ়ক

সকলো চাওক