প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ সৈতে আলোচনাত মিলিত হ‘ব। দুয়োগৰাকী নেতাই ভাৰত আৰু ছিংগাপুৰৰ মাজৰ কৌশলগত সহযোগিতাৰ অগ্ৰগতি পর্যালোচনা কৰিব আৰু পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈ মত বিনিময় কৰিব। শ্রীমোদী ব্রুনেইৰ সফল ভ্রমণ সামৰি কালি বিয়লি ছিংগাপুৰৰ লায়ন চহৰত উপস্থিত হয়। ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে শ্ৰীমোদীৰ সন্মানার্থে ব্যক্তিগত নৈশ ভোজৰ আয়োজন কৰে। প্ৰধানমন্ত্রীয়ে সামাজিক মাধ্যম যোগে শ্ৰীৱঙৰ সৈতে বিভিন্ন বিষয় লৈ গুৰুত্বপূৰ্ণ আলোচনা হোৱা বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে, ভাৰতে ছিংগাপুৰৰ সৈতে থকা বন্ধুত্বপূর্ণ সম্পর্কত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদী আজি ছিংগাপুৰৰ ৰাষ্ট্ৰপতি আৰু অন্য গণ্য মান্য ব্যক্তিৰ সৈতে বৈঠকত মিলিত হ‘ব। তেওঁ এ ই এম অর্ধপৰিবাহী উৎপাদন গোট পৰিদৰ্শন কৰিব আৰু ছিংগাপুৰৰ বিভিন্ন কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ‘ব।
Site Admin | September 5, 2024 11:36 AM | PM Modi
লৰেন্স ৱঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ ভাৰত আৰু ছিংগাপুৰৰ মাজৰ কৌশলগত সহযোগিতাৰ অগ্ৰগতি পর্যালোচনা
