June 3, 2024 6:03 PM | PM Modi

printer

২১ শতিকাৰ বিশ্বই ভাৰতলৈ বহু আশাৰে চাই আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ২১ শতিকাৰ বিশ্বই ভাৰতলৈ বহু আশাৰে চাই আছে। এখন পত্রযোগে দেশবাসীলৈ নিজৰ মনোভাৱ ব্যক্ত কৰি শ্ৰীমোদীয়ে কয় যে, জনসমর্থক সু-শাসন, আদৰ্শ জিলা আৰু আদৰ্শ ব্লকৰ দৰে আঁচনিসমূহৰ বিষয়ে গোলকীয় স্তৰত আলোচনা হৈ আছে। তেওঁ কয় যে, কেৱল ১০ বছৰত ২৫ কোটি লোকক দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ লৈ যোৱাটো অভূতপূর্ব। শ্রীমোদীয়ে কয় যে, দৰিদ্ৰসকলক সৱলীকৰণ কৰিবলৈ চৰকাৰে অন্তিম পৰ্যায়লৈ কৰা চেষ্টাই বিশ্বক অনুপ্ৰাণিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে ৪টা দিশ বেগ, স্কেল, পৰিসৰ আৰু মানৰ ওপৰত তীব্ৰতাৰে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জি-২০ৰ সফলতাৰ পাছত বিশ্বই ভাৰতৰ বৃহৎ সফলতাৰ বিষয়ে কল্পনা কৰি আছে। ভাৰতক অন্য উন্নত আৰু উন্নয়নশীল দেশসমূহৰ এটা শক্তিশালী আৰু গুৰুত্বপূৰ্ণ কণ্ঠৰ ৰূপত স্বীকাৰ কৰা হৈছে। ভাৰতৰ পৃষ্ঠপোষকতাত আফ্রিকীয় সংঘ জি-২০ৰ অংশ হৈ পৰিছে। শ্ৰীমোদীয়ে কয় যে, ই আফ্রিকীয় দেশসমূহৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব। কুন্যাকুমাৰীৰ তিনিদিনীয়া আধ্যাত্মিক যাত্ৰাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে, কন্যাকুমাৰীৰ ভূমিয়ে একতাৰ এক স্পষ্ট বার্তা বহন কৰে। শ্ৰীমোদীয়ে তেওঁৰ এই মনোভাৱ ১ জুনত কন্যাকুমাৰীৰ পৰা দিল্লীলৈ কৰা তেওঁৰ যাত্ৰাৰ সময়ত লিখে।

অধিক পঢ়ক

সকলো চাওক