দেশৰ মহিলাসকলৰ অংশগ্রহণ অবিহনে ভাৰত কেতিয়াও এখন উন্নত ৰাষ্ট্ৰ হব নোৱাৰে বুলি জগদীপ ধনখড়ৰ মন্তব্য

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, দেশৰ মহিলাসকলৰ অংশগ্রহণ অবিহনে ভাৰত কেতিয়াও এখন উন্নত ৰাষ্ট্ৰ হব নোৱাৰে। নতুন দিল্লীত আজি দিল্লী বিশ্ববিদ্যালয়ৰ ভাৰতী মহাবিদ্যালয়ত বিকশিত ভাৰতত মহিলাসকলৰ ভূমিকা সন্দৰ্ভত এটা আলোচনাত অংশগ্রহণ কৰি এই কথা প্ৰকাশ কৰে। শ্ৰীধনখড়ে কয় যে, বিকশিত ভাৰতৰ লক্ষ্য সাধনৰ ক্ষেত্ৰত মহিলাসকলৰ গুৰুত্ব অপৰিসীম। তেওঁ কয় যে, শক্তি আৰু প্ৰতিভা থকা নাৰীসকলে অর্থনৈতিক পৰিবেশত গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লব পাৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কলকাতাৰ ধৰ্ষণ কাণ্ডৰ সন্দৰ্ভত দুখ প্ৰকাশ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, য’ত নাৰীসকলে সুৰক্ষা অনুভৱ নকৰে তেনে সমাজ কেতিয়াও এখন সভ্য সমাজ হ’ব নোৱাৰে। তেওঁ এনেধৰণৰ ঘটনাৰ ক্ষেত্ৰত শূন্য সহনশীলতা অৱলম্বন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ উমৈহতীয়া দেৱানী বিধিক সংবিধানপ্রদত্ত বুলি উল্লেখ কৰি কয় যে ই হৈছে সংবিধানৰ নিৰ্দেশাত্মক নীতিৰ অংশ। তেওঁ কয় যে, ই বিভিন্ন ধৰণেৰে সহায় কৰিব কিন্তু ব্যাপক পৰিমাণত মহিলাসকলক ন্যায় প্ৰদান কৰিব। তেঁও কয় যে, ভাৰত সৱল অর্থনৈতিক দিশত পৰিপক্ক হোৱাৰ দিশত তীব্ৰ গতিত আগবাঢ়িছে। তেওঁ লগতে কয় যে, ভাৰতৰ মজবুত ঔদ্যোগিক অৰ্থব্যৱস্থাৰ দিশত তীব্ৰ গতিত আগুৱাই গৈছে।

অধিক পঢ়ক

সকলো চাওক