July 8, 2024 8:35 PM | PM Modi

printer

তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মস্কোত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া আৰু অষ্ট্ৰিয়াৰ তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি মস্কোত উপস্থিত হৈছে। মস্কো বিমানবন্দৰত শ্ৰীমোদীক সম্ভাষণ জনোৱা হয়। দেশখনৰ প্ৰথমজন উপ প্রধানমন্ত্রী ডেনিছ মণ্টুৰোভে প্রধানমন্ত্রী মোদীক আদৰণি জনায়। ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমী পুটিনে দুয়োখন দেশৰ মাজৰ প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি সহযোগিতা, শিক্ষা, সংস্কৃতি, পৰ্যটন আৰু পৰস্পৰৰ মাজৰ বিনিময় আদি দ্বিপাক্ষিক বিষয়সমূহ সন্দৰ্ভত পর্যালোচনা চলাব। দুয়োগৰাকী নেতাই লগতে পাৰস্পৰিক স্বার্থজড়িত সাম্প্ৰতিক আঞ্চলিক আৰু গোলকীয় বিকাশক লৈও মত বিনিময় কৰিব। তদুপৰি তেওঁলোকে ব্ৰিকছ, চাংহাই সহযোগিতা সংস্থা, জি-২০, পূৱ এছিয়া সন্মিলন আৰু ৰাষ্ট্ৰসংঘৰ দৰে গ্রুপিং পর্যায়ত দ্বিপাক্ষিক সম্পৰ্কৰ সন্দৰ্ভতো আলোকপাত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে আয়োজন কৰা নৈশভোজত ভাগ লব। শ্ৰীমোদীয়ে কাইলৈ ৰাছিয়াত ভাৰতীয় সমুদায়ৰ লোকসকলৰ সৈতে মত-বিনিময় কৰিব। তেওঁ লগতে ক্রেমলিনত পৰিচয় বিহীন সৈনিকসকলৰ সমাধিত মাল্যাৰ্পন কৰিব আৰু মস্কোত ৰোছাটন পেভিলিয়ন দৰ্শন কৰিব। তাৰ পাছতে উভয় নেতাৰ মাজত আলোচনা অনুষ্ঠিত হোৱাৰ লগতে প্রতিনিধি পৰ্যায়ৰ আলোচনাও হব। ভাৰত আৰু ৰাছিয়াৰ মাজত সহযোগিতাৰ ক্ষেত্ৰত এই সন্মিলন দুয়োখন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। এই ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত শ্রীমোদী অষ্ট্ৰিয়ালৈ যাব। অষ্ট্ৰিয়াৰ চেনচেলৰ আমন্ত্রণমর্মে শ্রীমোদী দেশখনলৈ যাব । এয়া হ’ব বিগত ৪১ বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম অষ্টিয়া ভ্রমণ। অষ্ট্ৰিয়া ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভেন ডাৰ বেলেনক সাক্ষাৎ কৰাৰ লগতে ভিয়েনাত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহাম্মেৰৰ সৈতেও আলোচনাত মিলিত হ’ব। শ্ৰীমোদী আৰু অষ্ট্ৰিয়াৰ চেঞ্চেলৰগৰাকীয়ে দুয়োখন দেশৰ ঔদ্যোগিক নেতাসকলকো সম্বোধন কৰিব। উল্লেখযোগ্য যে অষ্ট্ৰিয়া এখন গুৰুত্বপূৰ্ণ মধ্য ইউৰোপীয় দেশ, য’ত আন্তগাঠনিৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা, নৱীকৰণযোগ্য শক্তি, উচ্চ প্রযুক্তি, ষ্টার্ট আপ খণ্ডত যথেষ্ট সুযোগ আছে।

অধিক পঢ়ক

সকলো চাওক