June 24, 2024 5:57 PM | PM Modi

printer

অষ্টাদশ লোকসভা অধিবেশন বিকশিত ভাৰত নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰ সৈতে আৰম্ভ হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে অষ্টাদশ লোকসভা অধিবেশন আজি বিকশিত ভাৰত নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰ সৈতে আৰম্ভ হৈছে। তেওঁ কয় যে তেওঁৰ চৰকাৰে দেশৰ সেৱা কৰিবলৈ আৰু জনসাধাৰণৰ আশা- আকাংক্ষা পূৰণ কৰিবলৈ পূর্ণগতিত প্রয়াস চলাব। অধিবেশন আৰম্ভ হোৱা পূৰ্বে সংসদৰ বাহিৰত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে চৰকাৰ চলাবলৈ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন, কিন্তু দেশ চলাবলৈ দেশৰ সহমতৰ অতি প্রয়োজন। তেওঁ কয় যে তেওঁৰ চৰকাৰে জনসাধাৰণৰ সৈতে সংবিধানৰ পৱিত্ৰতা ৰক্ষা কৰি ক্ষিপ্ৰ গতিত সিদ্ধান্ত গ্ৰহণ কৰি খোজে। প্রধানমন্ত্রীয়ে কয় যে স্বাধীনতা লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে লোকসভাৰ সাংসদসকলৰ শপত গ্রহণ কাৰ্যসূচী নতুন সংসদ ভৱনত অনুষ্ঠিত হৈছে। শ্রীমোডীয়ে লগতে কয় যে বিশ্বৰ সকলোতকৈ বৃহৎ নির্বাচন প্রক্রিয়া গৌৰৱময় ভাৱে সম্পন্ন হৈছে। তেওঁ কয় যে স্বাধীনতা লাভ কৰাৰ পাছত দ্বিতীয়বাৰ দেশৰ জনসাধাৰণে একেৰাহে তৃতীয়বাৰলৈ কোনো এখন চৰকাৰক দেশৰ সেৱা কৰিবলৈ সুবিধা দিছে। তেওঁ অষ্টাদশ লোকসভা সাংসদসকলে জনসাধাৰণৰ আশা-আকাংক্ষাসমূহ পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক