June 22, 2024 1:25 PM | PM Modi

printer

যোগে ভিন্ন সংস্কৃতি আৰু পৃষ্ঠভূমিৰ লোকক ঐক্যবদ্ধ কৰি একতা সৃষ্টিকাৰী শক্তিৰূপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, যোগ ভিন্ন সংস্কৃতি আৰু পৃষ্ঠভূমিৰ লোকক ঐক্যবদ্ধ কৰি একতা সৃষ্টিকাৰী শক্তিৰূপে পৰিগণিত হৈছে। যুৱ প্ৰজন্মই যোগ অভ্যাসৰ সত্ৰত প্ৰৱল আগ্ৰহেৰে অংশগ্ৰহণ কৰাটো আনন্দৰ কথা বুলিও প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কালি সামাজিক মাধ্যম যোগে কয় যে, সমগ্ৰ বিশ্বতে দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অতি উৎসাহেৰে ব্যাপক পৰিসৰত উদযাপিত হৈছে। তেওঁ লগতে যোগৰ প্ৰসাৰৰ বাবে ব্যক্তি তথা সংস্থা আৰু সম্প্রদায়সমূহক ধন্যবাদ জ্ঞাপন কৰে। যোগাভ্যাসক জনপ্ৰিয় কৰি তোলাৰ বাবে কাম কৰি থকা সকলোৰে শলাগ লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে, এই প্ৰচেষ্টাসমূহ একতা আৰু সমন্বয়ৰ এনাজৰী সুদৃঢ় কৰাত যুগান্তকাৰী ৰূপে পৰিগণিত হ’ব। তেওঁ লগতে যোগাভ্যাস কৰা লোকৰ বৰ্ধিত সংখ্যাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। যোগে অনাগত সময়ত বিশ্বক ঐক্যবদ্ধ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কামনা কৰে।

অধিক পঢ়ক

সকলো চাওক