June 19, 2024 12:30 PM | PM Modi

printer

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিকল্পনামৰ্মে তিনি কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ সংকল্প

কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ে যুটীয়াভাৱে দেশৰ ১২খন ৰাজ্যত গ্ৰহণ কৰা কৃষি সখী কাৰ্যসূচীৰ অধীনত এক কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তুলিছে। কৃষি ক্ষেত্ৰত মহিলাৰ অংশগ্রহণ বৃদ্ধি কৰাৰ লগতে তেওঁলোকক প্ৰাপ্য মর্যদা প্ৰদানৰ বাবে এই আঁচনি ৰূপায়ণ কৰিবলৈ দুয়োটা মন্ত্ৰ্যালয়ে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। কৃষি মন্ত্ৰালয়ে জাৰি কৰা এটা বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিকল্পনামৰ্মে তিনি কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ সংকল্প লোৱা হৈছে। এই মহিলাসকলক কৃষি সখী হিচাপে প্রশিক্ষণ প্রদান কৰি বছৰি ৮০ হাজাৰ টকা পৰ্যন্ত অতিৰিক্ত উপাৰ্জন কৰিব পৰাকৈ সমৰ্থ কৰি তোলা হ’ব। এই কৃষি সখীসকলক কৃষি পদ্ধতি সন্দৰ্ভত বিস্তৃতভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হয়। মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি এই কাৰ্যসূচীৰ অধীনত ৩৪ হাজাৰৰো অধিক কৃষি সখী পেৰা এক্সটেনচন কর্মী হিচাপে স্বীকৃতি প্ৰদান কৰা হ’ব ।

অধিক পঢ়ক

সকলো চাওক