June 10, 2024 7:03 PM | PM Modi

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কিষাণ সম্মান নিধিৰ সপ্তদশ কিস্তি মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীমোদীয়ে কিষাণ সম্মান নিধিৰ সপ্তদশ কিস্তি মুকলি কৰে। এই কিস্তিৰ দ্বাৰা ৯ কোটি ৩০ লাখ কৃষকক প্ৰায় ২০ হাজাৰ কোটি টকা বিতৰণ কৰা হ’ব। শ্রীমোদীয়ে কয় যে, তেওঁৰ চৰকাৰৰ প্ৰথমটো সিদ্ধান্তই কৃষকসকলৰ কল্যাণৰ হকে তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্রতিফলিত কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁৰ চৰকাৰ কৃষকসকলৰ উন্নয়নৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। দেশৰ সকলো কৃষকক সহায় আগবঢ়োৱাৰ লক্ষ্যৰে ২০১৯ চনত পি এম কিষাণ আঁচনি আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে প্ৰতিবছৰে যোগ্য কৃষকক ছহেজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই ধনৰাশি ২ হাজাৰকৈ তিনিটা কিস্তিত হিতাধিকাৰীসকলৰ বেংক একাউণ্টযোগে প্ৰদান কৰা হয়। আঁচনিখনৰ জৰিয়তে বৰ্তমানলৈকে ১১ কোটি কৃষক পৰিয়াল উপকৃত হৈছে।

অধিক পঢ়ক

সকলো চাওক